![]()
বোকাখাতৰ (Bokakhat) ৰজাবাৰীৰ নেপালীখুঁটিৰ (Nepalikhuti of Rajabari) প্ৰৱীন শইকীয়াৰ খেৰ থোৱা ঘৰত আজি বিয়লি ঘটা এক অগ্নিকাণ্ড (Fire)ত খেৰ ঘৰটো ভস্মীভূত হয়। খেৰ ঘৰলৈ সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত হোৱা চৰ্ট-চাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। সংযোগ কৰা বিদ্যুতৰ কেবুলডাল যোৰা দিয়া অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।

শইকীয়াৰ বাসগৃহৰ এলেকাতে পশুধনৰ খাদ্যৰ বাবে জমা কৰি থোৱা প্ৰায় ৫০ ট্ৰেক্টৰ খেৰৰ ঘৰটোত অগ্নিকাণ্ড ঘটে। পাছত অগ্নিনিৰ্বাপনৰ দুখনকৈ গাড়ী জুই নুমুৱাত ব্যস্ত হৈ পৰি নিৰ্বাপনৰ চেষ্টা চলায়। লগতে জুই নিৰ্বাপনত ব্যৱহাৰ কৰা হৈছে এখন জেচিবিও। স্থানীয় ৰাইজে চলোৱা আপ্ৰাণ প্ৰচেষ্টাৰ বাবেই শইকীয়াৰ মূল বাসগৃহ এই অগ্নিকাণ্ডত জাহ যোৱাৰ পৰা ৰক্ষা পৰে। খেৰ ঘৰটোৰ লগতে পশুধন ৰখাৰ ব্যৱস্থা যদিও স্থানীয় ৰাইজৰ প্ৰচেষ্টাতে অগ্নিকাণ্ডৰ ফলত পশুধনৰ ক্ষয় ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।













