![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ( PM Modi) ওপৰত বিবিচিৰ তথ্যচিত্ৰ।
আৰু যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে সেই তথ্যচিত্ৰখনক লৈ যথেষ্ট চৰ্চা হৈছে। কেন্দ্ৰই এই তথ্যচিত্ৰ খন(BBC documentary )দেশত নিষিদ্ধ কৰিছে। কিন্তু তাৰ পিছতো দেশৰ কেইবাখনো শিক্ষানুষ্ঠানত ছাত্ৰ সংগঠনসমূহে তথ্যচিত্ৰখন দেখুৱাইছিল। অৱশ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক এই নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাবলৈ কয়।

‘India : The Modi Questionʼৰ সকলো লিংক কিয় টুইটাৰৰ পৰা আঁতৰাই দিয়া হʼল বুলি আদালতে প্ৰশ্ন কৰে। শুকুৰবাৰে দেশৰ শীর্ষ আদালতে কয় যে কেন্দ্ৰই তিনি সপ্তাহৰ ভিতৰত টুইটাৰৰ পৰা তথ্যচিত্ৰখনৰ লিংকটো কিয় আঁতৰাইছে সেই সন্দৰ্ভত উত্তৰ দিব, আৰু তাৰ পিছতহে তথ্যচিত্ৰখনৰ বিৰুদ্ধে আপত্তি কৰাৰ কাৰণ উল্লেখ কৰিব লাগিব। তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, সাংবাদিক এন ৰাম আৰু অধিবক্তা প্ৰশান্ত ভূষনে কেন্দ্ৰৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই গোচৰ তৰে।











