![]()
মুম্বাইত আক্ৰমণ কৰিব তালিবানে(Taliban)। তেনে এটা ভাবুকিৰ ইমেইল লাভ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (NIA)। বৃহস্পতিবাৰে মুম্বাইস্থিত NIAৰ কাৰ্যালয়ে লাভ কৰে এই ভাবুকিপূৰ্ণ ইমেইল। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি, ই”মেইলটোত তালিবানৰ সৈতে জড়িত কোনো ব্যক্তিয়ে আক্ৰমণ চলাব বুলি ভাবুকি দিয়া হৈছে।

NIAৰ কাৰ্যালয়ে এই ভাবুকি মেইল লাভ কৰাৰ পিছতে মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাক এই বিষয়ে অৱগত কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, যি ইমেইল আইডিৰ পৰা ভাবুকি পত্ৰ প্ৰেৰণ কৰা হৈছিল, সেই ইমেইল আইডিত প্ৰেৰকজনৰ নাম লিখা আছে ‘চিআইএ’। ইমেইল প্ৰেৰকজনে পত্ৰখনত দাবী কৰিছে যে তালিবানে অতি সোনকালে চহৰখন আক্ৰমণ কৰিব।
আৰক্ষীয়ে জনোৱা মতে, চাইবাৰ চেলে ইমেইল প্ৰেৰকজনৰ আই পি ঠিকনা বিচাৰি উলিয়াইছে। দেখা যায় যে পাকিস্তানৰ পৰা এই ভাবুকি মেইল প্ৰেৰণ কৰা হৈছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, ভাবুকি দিয়া মেইলটো সঠিকভাৱে কʼৰ পৰা প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত বিষয়টোৰ অধিক তদন্ত চলি আছে।
অৱশ্যে কোনোবাই ইচ্ছাকৃতভাৱে এনে মেইল প্ৰেৰণ কৰি আতংক সৃষ্টি কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, ইয়াৰ পূৰ্বেও কেইবাবাৰো এনে ভাবুকিমূলক মেইল আহিছে। কিন্তু এইবাৰ এন আই এৰ কাৰ্যালয়লৈ ভাবুকি মেইল প্ৰেৰণ কৰাৰ বাবে ৰাজ্যৰ আৰক্ষী অধিক সতৰ্ক হৈ পৰিছে।











