![]()
ডিফু, ১০ ফেব্ৰুৱাৰী: সমাজৰ হকে সদায় আপোচবিহীন ভাৱে কাম কৰি যোৱা পশ্চিম কাৰ্বি আংলং (West Karbi Anglong)জিলাৰ প্ৰথমটো সংবাদ প্ৰতিষ্ঠান বৈঠালাংছ’ প্ৰেছ ক্লাৱে (Baithalangso Press Club) উদ্যাপন কৰা হয় ১৮ তম প্ৰতিষ্ঠা দিৱস ৷এই উপলক্ষে সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ছেৰদিহুন আক্লাম প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসটিৰ সফল ৰূপায়ন কৰা হয়।

পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি প্ৰদীপ সৰকাৰে, শ্বহীদ তৰ্পনৰ বন্তি প্ৰজ্বলন কৰে ক্লাৱৰ মুখ্য উপদেষ্টা নন্দৰাম বৰদলৈয়ে,ধূপ প্ৰজ্বলন কৰে বৈঠালাংছ’ৰ পৌৰ সভাৰ অধ্যক্ষ চন্দ্ৰ ৰংহাঙে৷
ছেৰদিহুন আক্লাম প্ৰেক্ষাগৃহৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভণী কৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে বৈঠালাংছ’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনন্ত কুমাৰ বৰায়ে৷তদুপৰি’ বিশিষ্ট কবি,নাট্যকাৰ তথা বৈঠালাংছ’ৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰ কুমাৰ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন শুভ উদ্বোধন কৰি উদ্বোধনী ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’য়ে এই ভাষণত বিভিন্ন অঞ্চলত ঘটি থকা সত্য, বাস্তৱ ঘটনা আৰু পৰিঘটনা সমূহ বিশ্বৰ জনসাধাৰণক জনোৱাৰ লগতে দেশখন আগুৱাই নিয়াৰ কাৰণে সাংবাদিক সকলে দিনে নিশাই যি ভূমিকা পালন কৰি আহিছে ই সচাকৈয়ে প্ৰসংশণীয় বুলি মন্তব্য কৰে৷
বৈঠালাংছ’ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱয়ে নিৰ্দিষ্ট বক্তা হিছাপে উপস্থিত থাকি গ্ৰাম্য সাংবাদিক জগতত সাংবাদিক সকলে সন্মুখিন হৈ অহা বিভিন্ন সমস্যা আৰু তাৰ প্ৰতিকাৰৰ দিশ উন্মোচন কৰি বহুমূলীয়া ভাষণ প্ৰদান কৰে৷উক্ত মুকলি সভাত ক্লাৱৰ সভাপতি,সম্পাদক প্ৰমুখ্যে সকলো সদস্যয়ে একেলগে প্ৰেছ ক্লাৱৰ জন্ম দিনৰ কেক্ কাটি সভাৰ কাৰ্যসূচী আৰম্ভ কৰে৷
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷এই প্ৰতিযোগিতা স্থান লাভ কৰা পৰপথাৰ বালিকা মাধ্যমিক বিদ্যালয়ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীক মাননি,মানপত্ৰৰ লগতে মুন কুমাৰ ডেকাই সম্পাদনা কৰা ‘ড° ফুকন চন্দ্ৰ ফাংচ’ নামৰ একোখনকৈ গ্ৰন্থ উপহাৰ স্বৰূপে প্ৰেছ ক্লাৱৰ তৰফৰ পৰা প্ৰদান কৰা হয়।
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ গোস্বামী,সমাজ সেৱিকা নলিনী গগৈ তামুলী,নিউজ লাইফৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ নাথ প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷
প্ৰতিষ্ঠা দিৱসৰ আন্যতম কায্যসূচী হিচাপে জনগোষ্ঠীয় আৰু সত্ৰীয়া নৃত্য পৰিবেশ কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ তপস্যা ডাঞ্চ একাডেমি টুম্প্ৰেং,মাইচাম নেপালী নৃত্য দল, জিলি কাৰ্বি নৃত্য দল আৰু বিহত্তৰ বৈঠালাংছ’ৰ বিহুৱা দলে নৃত্য প্ৰদৰ্শন কৰি সকলোৰে মন আপ্লুত কৰি তোলে৷
প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীত বৈঠালাংছ’ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা তথা অবিভক্ত কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ সাংবাদিক নন্দৰাম বৰদলৈয়ে অংশগ্ৰহণ কৰি ক্লাৱৰ সদস্য সকলৰ লগতে উপস্থিতিত শ্ৰোতা দৰ্শক সকলকো আপলোত কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷ সদৌ শেষত বৈঠালাংছ’ প্ৰেছ ক্লাৱৰ সম্পাদক মাইনু বৰাই প্ৰতিষ্ঠা দিৱসৰ অতিথি সম্বন্ধে উদ্বোধক,প্ৰজ্বলক অংশগ্ৰহণ কৰা ৰাইজক কৃতজ্ঞতা শৰাই আগবঢ়াই৷













