![]()
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ( Burma Supari)অবৈধ সৰবৰাহ ৷বোকাজান(Bokajan) মহকুমাৰ অধীনৰ ডিলাই আৰক্ষীৰ নাকা তালাচীত জব্দ হোৱা বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকখনে তাৰেই সত্যতা প্ৰমান কৰিছে ৷

আজি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-২৫- এফচি ৮৯৯৯ নম্বৰৰ ১৬ চকীয়া ট্ৰাকখনত আৰক্ষীয়ে নাকা তালাচী চলাই ট্ৰাকখনৰ পৰা ২৫০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে চাৰিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
আজি আৰক্ষীয়ে জব্দ কৰা বাৰ্মিজ চুপাৰিখিনি কোনে ক’ৰ পৰা কেনেকৈ অসমৰ মাজেৰে অবৈধভাবে সৰবৰাহৰ চেষ্টা চলাইছিল সেই কথা জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তদন্তৰ খাতিৰত ধৃত সৰবৰাহকাৰী কেইটাৰ নাম-ঠিকনাও সংবাদ মাধ্যমৰ আগত অৱগত কৰা নাই ৷
উল্লেখ্য যে, পাহাৰীয়া জিলা কাৰবি আংলঙৰ মাজেৰে যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথ দুটাক ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে নিতৌ বাৰ্মিজ চুপাৰি, বাৰ্মিজ জালুক,বাৰ্মিজ ডাল চিনি , বাৰ্মিজ নহৰু আদি বহিঃৰাজ্য তথা বহিঃ জিলালৈ সৰবৰাগৃহ কৰি কোটি টকাৰ মুনাফা লুটি আহিছে ৷ এতিয়া সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে যে, এনে অবৈধ ব্যৱসায়ৰ ছিণ্ডিকেট গঢ়ি তোলা অসৎ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা লবনে চৰকাৰে?












