![]()
আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙৰ ডিফুৰ সমীপৰ মিথিফাঙত ডিমাছা সাহিত্য সভা( Dimasa sahitya sabha)কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ শম্বোধন ফংল’ৰ(Sambhudhan Phonglo) ১৪০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ৷

এই উপলক্ষে অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠাত ডিমাছা সাহিত্য সভাৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকি বীৰ শ্বহীদ ফংল’ৰ প্ৰাতিকৃতিত ধুপ ধূনা, বন্তি প্ৰজলন আৰু পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিমাছা সাহিত্য সভা কাৰবি আংলং জিলা সমিতিৰ সভাপতি ফণীভূষণ হাফলংবাৰে ডিমাছা বীৰ শম্ভু ফংল’ৰ স্বাধীনতা সংগ্ৰামৰ ইতিবৃত্তৰ লগতে দেশৰ সাৰ্বভৌমত্ব আৰু জাতীক ৰক্ষা কৰিবলৈ কেনেদৰে পৰাক্ৰমেৰে বৃটিছৰ সৈতে যুঁজি শ্বহীদ হৈছিল তাৰ ওপৰত বিস্তত ভাবে আলোকপাত কৰে ৷
সভাপতি গৰাকী আক্ষেপ প্ৰকাশ কৰি কয়যে এইজনা ডিমাছা শ্বহীদ বীৰ পুৰুষ শম্ভু ফংল’য়ে বহুত পলমকৈ শ্বহূদৰ স্বীকৃতি পাইছে ৷ এইলৈ আজি পুৱাৰ ভাগতে মিথিফাঙত ডিমাছা সাহিত্য সভাৰ কাৰবি আংলং জিলা সমিতিৰ সম্পাদক সত্যব্ৰত কেম্প্ৰাইয়ে আঁত ধৰা সভাত উপস্থিত থাকে ক্ৰমে, ডিএএছএছ কাৰবি আংলং জিলা সমিতিৰ সভাপতি ফণীভুষণ হাফলংবাৰ, সম্পাদক নিৰ্মল ডিফুছা, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নজেন্দ্ৰ নুনিছা, ডিলাজী মিথিফাং গাঁৱৰ চৰকাৰী গাওঁবুঢ়া ৰাজেশ ফংল’ছা, গাওঁবুঢ়া দৰপ’জাই ফংল’ছা আৰু জিলা তথ্য আৰু আৰু জনসংযোগ বিষয়া উৎপল ডিমাছা ৷













