![]()
কলিয়াবৰৰ (Kaliabor) বুঢ়াপাহাৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বুঢ়াপাহাৰ ভিউ পইণ্টত (Burhapahar View Point) পাহাৰৰ পৰা বাগৰি পৰা চুইফ্ট ডিজায়াৰ বাহনখন দাউ-দাউকৈ জ্বলি যোৱাৰ লগতে তাত থকা চালক গৰাকীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

কলিয়াবৰৰ জখলাবন্ধাৰ (Jakhalabandha) নিবাসী চালকজনকৰ নাম হৈছে জিতু শইকীয়া (Jitu Saikia)। চুইফ্ট ডিজায়াৰ খনৰ নম্বৰ হৈছে AS 02 T 9980। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়।













