![]()
বৃহস্পতিবাৰে অন্ত পৰে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ (Tripura Election) । নিৰ্বাচনত বৃহৎ অশান্তিৰ কোনো অভিযোগ উত্থাপন হোৱা নাছিল। কিন্তু বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছত অশান্তি সৃষ্টি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পাতি থকাৰ বাবে বৃহস্পতিবাৰৰ নিশালৈকে বহু ঠাইত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ পিছতে চিপিএমৰ অভিযোগ যে বিৰোধী দলৰ পʼলিং এজেণ্টক (Polling Agent) ঘেৰাও কৰি উভতি অহাৰ পথত আক্রমণ কৰা হৈছে৷ নিৰ্বাচন আয়োগক এজেণ্টক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰি ‘দুষ্কৃতিকাৰীʼৰ বিৰুদ্ধে ব্যৱস্থা লʼবলৈ দাবী জনায়। আয়োগৰ সূত্ৰৰ মতে, অভিযোগ লাভ কৰি সংশ্লিষ্ট স্থানত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
টিপ্ৰা মাথাই অভিযোগ কৰে যে গোলাগাঠী কেন্দ্ৰত ভোটগ্ৰহণৰ পিছত ইভিএম (EVM Machine) কঢ়িয়াই নিয়া বাহনখনক নিৰ্দিষ্ট ষ্ট্ৰং ৰুমৰ সলনি অন্য ঠাইলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰা হৈছিল। তেওঁলোকে দাবী কৰে যে এয়া ইভিএম হাইজেকাৰৰ চেষ্টা। ত্ৰিপুৰা বিজেপিৰ মুখ্য মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে (Subrata Chakraborty) অৱশ্যে এই অভিযোগক ‘ভিত্তিহীন’ বুলি খাৰিজ কৰে। অৱশ্যে গোলাগাঠীৰ একাংশ বুথত পুনৰ নিৰ্বাচনৰ দাবী জনাইছে বিজেপি প্ৰাৰ্থী হিমানী দেবৰ্মাই (Himani Debbarma) ।
তদুপৰি, ভয়ক অৱজ্ঞা কৰি ভোটদানৰ বাবে ত্ৰিপুৰাৰ সাহসী জনসাধাৰণক ‘প্ৰকৃত বিজয়ী’ বুলি অভিনন্দন জনোৱাৰ লগতে ভোটদান প্ৰক্ৰিয়া কিয় ইমান সময় লাগিল সেই বিষয়ে চোৱাচিতা কৰিবলৈ আৰু পৰৱৰ্তী গোচৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগক দাবী চি পি এমৰ। তৃণমূল কংগ্ৰেছে কমলপুৰকে ধৰি একাংশ অঞ্চলত বিজেপিয়ে দলীয় কর্মী আৰু সমর্থকক আক্রমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷













