![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : আজি ডিফু-লামডিং পথৰ কাষত অৱস্থিত ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া চমুকৈ এছবিআইৰ(SBI) ডিফুৰ মুখ্য শাখাৰ সন্মূখত এক অগ্নিকাণ্ড সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ২মান বজাত এজাক হঠাতে অহা এজাক বতাহে এছবিআই শাখাটোৰ সন্মূখত থকা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ (Electronic transformers)তাঁৰত বিজুতি ঘটায়, ফলত দপদপাই জলি উঠে ট্ৰেন্সফৰ্মাৰটো ৷http://(Electronic transformers)

ট্ৰেন্সফৰামৰটো জ্বলি উঠাৰ ফলত পথচাৰী আৰু বেংকলৈ অহা গ্ৰাহকৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ উক্ত অগ্নিকাণ্ডৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে ট্ৰেনসফৰ্মাৰটোৰ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷সময়মতে অগ্নি নিৰ্বাপন হোৱাত এছবিআই শাখাটো কথমপি ৰক্ষা পৰাৰ লগতে অধিক ঠাইলৈ অগ্নি সম্প্ৰসাৰণ হোৱাৰ পৰাও ৰক্ষা পৰে ৷












