![]()
৩ ঘণ্টা (3 hrs)ৰ বাবে হৃদযন্ত্ৰ বন্ধ (Heart stops)। তথাপি ১ বছৰ ৮ মহীয়া (1 year 8 months baby) শিশুটিৰ প্ৰাণ বাচিল (Life survived)। লাহে লাহে তেওঁ সম্পূৰ্ণ সুস্থ হোৱাৰ পথত আগবাঢ়িছে। কানাডাত আটাইতকৈ বিৰল কাণ্ডৰ সাক্ষী হৈছে এই ঘটনা। শিশুটিৰ পৰিয়ালৰ লোকে চিকিৎসকৰ প্ৰশংসা কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে কানাডা (Canada)ৰ দক্ষিণ-পশ্চিম অন্টাৰিঅʼত (Southwestern Ontario)। ২৪ জানুৱাৰীত শিশুটি ক্ৰেচত আছিল। ৱেইলন চণ্ডাৰছ নামৰ শিশুটি ভুলবশতঃ ডেকেয়াৰৰ চুইমিং পুলত পৰি যায়। সেই সময়ত বৰ ঠাণ্ডা আছিল।চুইমিং পুলৰ হাড়কপোৱা ঠাণ্ডা পানীত ৫ মিনিট ভাহি আছিল।
চকুত পৰাৰ লগে লগে উদ্ধাৰ কৰা হয়। সেই সময়ত শিশুটিৰ গোটেই শৰীৰটো ঠাণ্ডা হৈ পৰিছিল। বন্ধ হৈ গৈছিল হৃদযন্ত্ৰ।চণ্ডাৰছক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, শিশুটিক ভৰ্তি কৰাৰ পূৰ্বে ৰুম হিটাৰ অন কৰি কোঠাটো গৰম কৰা হয়। ৩ ঘণ্টা ধৰি অবিৰতভাৱে চিপিআৰ দিয়া হয়।
শিশুটিক বচাবলৈ ততাতৈয়াকৈ চিকিৎসালয়ৰ অসংখ্য কৰ্মচাৰী উঠি-পৰি লাগে। চিপিআৰৰ পিছত পুনৰ কেঁচুৱাটোৰ হৃদস্পন্দন আৰম্ভ হয়। ৱেইলন চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহে। তেওঁক জীৱিত কৰি তোলাৰ পিছত এতিয়া গোটেই পৰিয়ালটো সুখী।











