![]()
দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা মনীষ চিছোদিয়াৰ (Delhi Deputy CM Manish Sisodia)গ্ৰেপ্তাৰৰ (Arrested) প্ৰতিবাদত আজি ডিফুত আম আদমী পাৰ্টী কাৰবি আংলং জিলা সমিতিয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷যোৱাকালি মনীষ চিছোদিয়াক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিছতেই দেশৰ বিভিন্ন স্থানত আপৰ সমৰ্থক কৰ্মী সকলে গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

আজি ৰাজ্যৰ সদৰস্থান সমূহত আপৰ সমৰ্থক সকলে ডিঙিত ক’লা কাপোৰ আৰি চিছোদিয়াৰ গ্ৰেপ্তাৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ১ ঘণ্টাৰ বাবে মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে ‘কাৰ্ডলৈ ‘মইয়ো মনীষ চিছোদীয়া মোকো গ্ৰেপ্তাৰ কৰক’ মনীষ চিছোদিয়া গ্ৰেপ্তাৰ কৰা বিজেপি এজেন্ট চিবিআই হায়, হায়’ দেশৰ শিক্ষা খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অনা চিছোদিয়াৰ গ্ৰেপ্তাৰ বিজেপিৰ এক ঘৃণনীয় ৰাজনীতি আদি শ্লাগান প্ৰদৰ্শন কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আপ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মিন্টু পাটৰে কয়যে, দিল্লীৰ সন্মানীয় শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াই দেশৰ শিক্ষাখন্ডত আমোল পৰিৱৰ্তন আনিছে ৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে মনীষ চিছোদিয়াক ২০২১ চনৰ পৰাই গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰি আহিছে ৷
বিজেপি চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আপ কাৰবি আংলং জিলা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক নেতা-কৰ্মী আৰু সদস্যই অংশ গ্ৰহণ কৰে ৷













