![]()
এজন গ্ৰেপ্তাৰ হৈছিল প্ৰায় ৯ মাহ পূৰ্বে আৰু এজন গ্ৰেপ্তাৰ হয় দেওবাৰে। কিন্তু মঙলবাৰে একেলগে ইস্তফা দিলে দিল্লীৰ আম আদমি পার্টি (AAP) (Aam Admi Party) চৰকাৰৰ উপ-মুখ্যমন্ত্রী মণীষ ছিছোদিয়া (Manish Sisodia) আৰু স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে (Satyendra Jain)।

উল্লেখ্য এই দুয়োজনেই আপ প্রধান তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালৰ (Arvind Kejriwal) ‘ঘনিষ্ঠ’ হিচাবে পৰিচিত। আপৰ এক সূত্রই জনোৱা মতে, মুখ্যমন্ত্রী কেজৰীৱালে মণীষ আৰু সত্যেন্দ্রৰ ইস্তফা গ্রহণ কৰিছে। সোনকালেই মন্ত্ৰীসভাৰ সম্প্রসাৰণ কৰা হ’ব পাৰে বুলিও সূত্রটোৰ দাবী।
উল্লেখ্য, কেইবাটাও পৰ্যায়ত প্রায় ৯ ঘণ্টা সোধা-পোছাৰ অন্তত ২৬ ফেব্রুৱাৰীত আৱকাৰী দুর্নীতি গোচৰত জড়িত থকাৰ অভিযোগত চিবিআয়ে গ্ৰেপ্তাৰ কৰে মণীষ ছিছোদিয়াক। ইয়াৰ পূৰ্বে বিগত বছৰৰ ৩০ মে’ত হাৱালাৰ মাধ্যমেৰে বেআইনীভাবে ধন লেনদেনৰ অভিযোগত এনফোৰ্চমেন্ট ডিৰেক্টৰেটৰ (Enforcement Directorate) হাতত গ্ৰেপ্তাৰ হৈছিল সত্যেন্দ্র।











