ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Manish Sisodia I উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মনীষ ছিছোদিয়া, গ্ৰেপ্তাৰীক প্ৰত্যাহ্বান দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 28, 2023
Reading Time: 1 min read
A A
0
Manish Sisodia I উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মনীষ ছিছোদিয়া, গ্ৰেপ্তাৰীক প্ৰত্যাহ্বান দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

নিজৰ গ্ৰেপ্তাৰীক প্ৰত্যাহ্বান (arrested challenge) জনাই মঙলবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই (Manish Sisodia) উচ্চতম ন্যায়ালয় (Suprem Court of India)ৰ কাষ চাপে। দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত দেওবাৰে চিবিআয়ে গ্ৰেপ্তাৰ কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীক। সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় ছিছোদিয়াক। আদালতে তেওঁক ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

মনীষ ছিছোদিয়া
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মনীষ ছিছোদিয়া:

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হোৱাৰ উপৰি ছিছোদিয়াই শিক্ষা আৰু বিত্ত মন্ত্ৰালয়ৰ দায়িত্বও পালন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছিছোদিয়াৰ গ্ৰেপ্তাৰক ‘লেতেৰা ৰাজনীতি’ বুলি অভিহিত কৰে। আম আদমি পাৰ্টিয়ে দাবী কৰে যে ‘ৰাজনৈতিক প্ৰতিশোধʼৰ বাবেই ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আনকি, আপৰ নেতাসকলে এই গ্ৰেপ্তাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জগৰীয়া কৰিছে। অৱশ্যে আপৰ এই দাবী নাকচ কৰে বিজেপিয়ে।

যাৰ বাবে আপ আৰু বিজেপিৰ সংঘাত চৰম পৰ্যায়লৈ আহিছে।সোমবাৰে আদালতত চিবিআয়ে দাবী কৰে যে ছিছোদিয়াই তেওঁলোকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। আবকাৰী নীতিৰ প্ৰথম খচৰাত কমেও ৬টা বিষয় বুজাব পৰা নাছিল। চিবিআয়ে দাবী কৰে যে খচৰা আবকাৰী নীতিৰ পৰিৱৰ্তন পানীয় বিক্ৰী কৰা কোম্পানীসমূহৰ স্বাৰ্থত কৰা হৈছে।

বিনিময়ত ১০০ কোটি টকা লোৱা হয়। ছিছোদিয়াৰ কম্পিউটাৰৰ পৰা আবকাৰী নীতিৰ খচৰা সন্দৰ্ভত এখন টোকা উদ্ধাৰ কৰা বুলিও দাবী কৰে চিবিআয়ে। তদন্তকাৰীৰ মতে, ছিছোদিয়াই আবকাৰী আয়ুক্তক এই নোটখন দিছিল। অৱশ্যে তেওঁৰ আইনী উপদেষ্টাসকলৰ লগত দিয়া পৰামৰ্শৰ সেই অংশটো তেওঁ এৰি দিয়ে।

উল্লেখ্য, ২০২১ চনৰ ১৬ নৱেম্বৰত দিল্লী চৰকাৰে নতুন আবকাৰী নীতি প্ৰৱৰ্তন কৰে। সুৰা বিক্ৰীৰ ধৰণত পৰিৱৰ্তন ঘটিল।নতুন আবকাৰী নীতিৰ জৰিয়তে চৰকাৰী সুৰাৰ বিপণী বন্ধ কৰি ব্যক্তিগত সুৰাৰ বিপনীক সুৰা বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ আহ্বান জনায়। কেজৰিৱাল চৰকাৰে ৮৪৯খন নতুন সুৰাৰ দোকান খুলিব বিচাৰিছিল।

ৰাজধানীৰ ৩২টা অঞ্চলত এই সুৰাৰ বিপণীসমূহ মুকলি কৰাৰ পৰিকল্পনা আছিল। আবকাৰী বিভাগৰ দায়িত্বত আছে উপ-মুখ্যমন্ত্ৰী মনীষ। নতুন আবকাৰী নীতিয়ে সুৰাৰ কʼলা বজাৰ শেষ কৰি ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব বুলিও দাবী কৰে চৰকাৰে। ইয়াৰ পূৰ্বে দিল্লীত মুঠ ৮৬৪খন সুৰাৰ দোকান আছিল।

৪টা চৰকাৰী সংস্থাই চলাই আছে ৪৭৫খন সুৰাৰ দোকান। বাকী ৩৮৯টা ব্যক্তিগত কোম্পানীৰ মালিকৰ হাতত আছিল। এই নীতি কাৰ্যকৰী কৰিবলৈ আবকাৰী অনুজ্ঞা-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত অনিয়ম আৰু আনকি আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে নতুন আবকাৰী নীতি প্ৰৱৰ্তনৰ মাত্ৰ ৮ মাহৰ পিছত প্ৰত্যাহাৰ কৰা হয়। দাবী কৰা হৈছে যে নতুন নীতিত কিছু প্ৰক্ৰিয়াগত সমস্যা আছে।

যদিও ৬৪৪খন নতুন সুৰাৰ দোকান খুলিছিল, অৱশেষত ব্যৱসায়ীসকলে ব্যৱসায় কৰিব নোৱাৰা বাবে অনুজ্ঞা-পত্ৰ ঘূৰাই দিবলৈ আৰম্ভ কৰিছিল। ৩১ জুলাইৰ ভিতৰত চৰকাৰে পুনৰ পুৰণি আবকাৰী নীতিলৈ যোৱাৰ সিদ্ধান্ত লয়। আপ চৰকাৰৰ নতুন নীতিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ উপ-ৰাজ্যপাল বিনয়কুমাৰ ছাক্সেনাই চিবিআইৰ তদন্তৰ বাবে অনুৰোধ জনাইছিল। ইয়াৰ পিছতে চিবিআয়ে তদন্ত আৰম্ভ কৰে।

Tags: Manish Sisodiaমনীষ ছিছোদিয়া
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

by News Desk
June 16, 2026
50
Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি
National-International

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

by News Desk
June 16, 2026
50
Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন
National-International

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

by News Desk
June 16, 2026
50
ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx