![]()
কাৰ্বি আংলং(Karbi Anglong) জিলাৰ খটখটি আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত কালি নিশা ৪ হাজাৰ কিলোগ্ৰামৰো অধিক বাৰ্মিজ চুপাৰিসহ( Burma Supari)এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় ষ্টেট বেংকৰ খটখটি শাখাৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত খটখটি (Khatkhati)আৰক্ষীৰ এটা দলে কালি নিশা চলোৱা নিয়মীয়া তালাচীত ডিমাপুৰৰ পৰা বোকাজান অভিমুখে আহি থকা ডব্লিউ বি-২৩-ডি-৪১৫৯ নম্বৰৰ মালবাহী ট্ৰাকখনত তালাচী চলাই ৩০ টা বৃহৎ আকাৰৰ বস্তা আৰু ৪৩ টা সৰু আকাৰৰ কাৰ্টুনত ৪ হাজাৰ ২৩ কিলোগ্ৰাম বাৰ্মিজ চুপাৰিৰ লগতে ১৬ বস্তা বাৰ্মিজ পপী চিড জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰমূল্য প্ৰায় ২০ লাখ টকাৰো অধিক হোৱাৰ লগতে পপী চিডখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ৪ লাখ ৮০ হাজাৰ টকাৰো অধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। এই সন্দৰ্ভত আৰক্ষীয়ে বিহাৰৰ চাপৰা জিলাৰ উমেশ ৰায় নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ধৃত সৰবৰাহকাৰীটোৱে ৩১৮ বস্তা আদাৰ তলত চুপাৰি বস্তাসমূহ লুকুৱাই অনাৰ লগতে কাৰ্টুনসমূহত অনলাইন শ্বপিং কোম্পানী এমাজ’ন ই-কমাৰ্চৰ ফলক লগাই অতি কৌশলৰে এই বৃহৎ পৰিমাণৰ বাৰ্মিজ সামগ্ৰীসমূহ সৰবৰাহৰ চেষ্টা চলাইছিল।













