![]()
সোমবাৰে চিবিআইৰ (CBI) জিম্মাৰ অন্ত পৰাত আদালতত হাজিৰ কৰোৱা হয় আবকাৰী গোচৰত অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াক (Manish Sisodia) আদালতে তেওঁক অহা ২০ মাৰ্চলৈকে ন্যায়িক জিম্মা প্ৰদান কৰে । ইতিমধ্যে জামিন আবেদন নাকচ হোৱাত জে’ল (Jail)ৰ ভিতৰতে সুকীয়া ‘মেডিটেচন চেল’ত ৰখাৰ বাবে আবেদন কৰিছিল তেওঁ ।

চিবিআইয়ে পুনৰ জিম্মাৰ বাবে আবেদন নকৰাৰ বাবে ন্যায়াধীশ নাগপালে ছিছোডিয়াক ২০ মাৰ্চলৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য, আবকাৰী দুৰ্নীতিৰ গোচৰত জড়িত থকাৰ বাবে প্ৰায় ৯ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত যোৱা দেওবাৰে (২৬ ফেব্ৰুৱাৰী) চিবিআয়ে ছিছোডিয়াক গ্ৰেপ্তাৰ কৰে । সোমবাৰে (২৭ ফেব্ৰুৱাৰী) দিল্লীৰ ৰাউজ এভিনিউত চিবিআইৰ বিশেষ আদালতত তেওঁক হাজিৰ কৰোৱাৰ সময়ত ন্যায়াধীশে ৫ দিনৰ চিবিআই জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে ।
সেই সময়সীমা শেষ হোৱাৰ লগে লগে যোৱা শনিবাৰে তেওঁক আদালতত হাজিৰ কৰা হয় । শুনানিৰ সময়ত চিবিআয়ে অভিযোগ কৰে যে ছিছোডিয়াই তদন্তত সহযোগ কৰা নাই । চিবিআয়ে তেওঁক আৰু ৩ দিনৰ বাবে জিম্মাত ল’বলৈ অনুৰোধ জনায় । এই আবেদনৰ অন্তত ন্যায়াধীশে অৰবিন্দ কেজৰিৱালৰ প্ৰাক্তন ডেপুটিক ২ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে ।










