![]()
নগাঁৱৰ জিলাৰ (Nagaon) চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত (Accident) মাতৃ সহ নিহত হয় তেওঁৰ এগৰাকী কন্যা সন্তান। লগতে, আন এগৰাকী কন্যা গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।

কালি সন্ধিয়া প্ৰায় ৫.৩০ বজাত মাতৃ মাম্পি বনিকৰ সৈতে তেওঁৰ দুগৰাকী কন্যা ক্ৰমে সুপ্ৰিয়া আৰু তেজশ্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতেই এএছ ০২ এ জি ২০১৬ নম্বৰৰ বাইক এখনে তেওঁলোকক মহতিয়াই নিয়ে, ফলত মাতৃ সহ দুই কন্যা আহত হয়। পৰৱৰ্তী সময়ত, উক্ত স্থানত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত তিনিওকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেওঁলোকক তেজপুৰলৈ (Tezpur) লৈ যোৱা হয়। চিকিৎসালয়লৈ নিয়াৰ পথত মাতৃ মাম্পিৰ মৃত্যু হয়।
আনহাতে, পুনৰ উন্নত চিকিৎসাৰ বাবে দুই কন্যাক গুৱাহাটীলৈ অনাৰ পথত কন্যা সুপ্ৰিয়া বনিকৰ মৃত্যু হয়। আন গৰাকী কন্যা শিশু বৰ্তমান গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰত। দুৰ্ঘটনাটো সংঘটিত কৰা বাইক আৰোহী গৰাকীও গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, সুপ্ৰিয়া বনিক চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় মানৰ ছাত্ৰী।













