![]()
আসন্ন লোক নিৰ্বাচনৰ পূৰ্বে বুধবাৰে নিশা কাৰবি আংলঙ (Karbi Anglong) জিলাৰ ডকমকা (Dokmoka)ৰ ডয়ডাক অঞ্চলত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ (Arms cache recovered) হোৱা ঘটনাই পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এইলৈ আজি ডিফুস্থিত আৰক্ষী অধীক্ষৰ কাৰ্যালয়ত (S.P. Office) এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰি কৰে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjiv kumar Saikia) ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত সদৰি কৰা অনুসৰি এক গোপন খবৰৰ ভিত্তিত জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডকামকা আৰু হাওৰাঘাট থানা অ’চি আৰু থানা ষ্টাফৰ সহযোগত ডকমকা থানা এলেকাৰ ডয়ডাক অঞ্চলত এক অভিযান চলাই মাটিৰ তলত পুতি ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰ হোৱা অস্ত্ৰ -শস্ত্ৰ কেইটা ক্ৰমে, এটা এ কে-56 ৰাইফল, এটা 9 এম এম্ পিষ্টল, এটা 0.32 পিষ্টল, দুটা মেগজিন থকা এটা 9 এম এম ষ্টেন গান, 9টা এ কে মেগজিন, 88 জাই সঁজীৱ এ কে গুলী, 7 টা 9 এম এমৰ সজীৱ গুলী।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে, জিলাখনত তেনে কোনো নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ হোৱাৰ তথ্য আৰক্ষীৰ ওচৰত নাই যদিও জিলাখনত আইন -শৃংখলা অটুট ৰখাৰ বাবে জিলা আৰক্ষী সদায় সষ্টম হৈ থাকিব৷
অস্ত্ৰ ভাণ্ডাৰৰ উদ্ধাৰৰ নেপথ্যত থকা উৎসৰ কথা কোৱাৰ পৰা বিৰত থাকি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে তদন্ত সম্পূৰ্ণ কৰাৰ পিছতহে অস্ত্ৰ ভাণ্ডাৰসমূহ কোনে এনেদৰে পুতি ৰাখিছিল সেই কথা ক’ব পাৰিব বুলি কয় ৷ জিলা আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্ৰত সীমান্তঞ্চলত ধাৰাবাহিক অভিযান অব্যাহত ৰখা বুলি কয়৷












