ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assamese gamosa I গামোচাৰ বিকৃতকৰণক লৈ পশ্চিমবংগৰ লেখক-অনুবাদক শক্তিময় দাশৰ প্ৰতিক্ৰিয়া

জিতেন বৰকটকী:নগাঁও

News Desk by News Desk
March 30, 2023
Reading Time: 1 min read
A A
0
Assamese gamosa I গামোচাৰ বিকৃতকৰণক লৈ পশ্চিমবংগৰ লেখক-অনুবাদক শক্তিময় দাশৰ প্ৰতিক্ৰিয়া

RELATED POSTS

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

অসমীয়াৰ স্বভিমানৰ প্ৰতীক গামোচা (Gamosa)ক বিকৃত ৰূপ দি বাংলা সাহিত্য অসম (Bengali Literature Assam) নামৰ সংগঠনটোৱে সংঘটিত কৰা নিকৃষ্ট কাৰ্যক লৈ সমগ্ৰ ৰাজ্য জুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। অসমীয়া গামোচা (Assamese Gamosa)ক লৈ সংগঠনটোৱে প্ৰদৰ্শন কৰা এনে ধৃষ্টতাক গৰিহনা দিছে অসমপ্ৰেমী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশিষ্ট বাংলা লেখক-অনুবাদক শক্তিময় দাশে।

অসম আৰু অসমীয়াৰ লগত এক মধুৰ সম্পৰ্ক থকা পশ্চিমবংগৰ কলকাতা নিবাসী বিশিষ্ট লেখক-অনুবাদক শক্তিময় দাশে (Saktimoi Dass) এই প্ৰতিবেদকৰ সৈতে টেলিফোনত হোৱা কথা বতৰাত অসমীয়াৰ জাতীয় বস্ত্ৰ তথা স্বভিমানৰ প্ৰতীক পৱিত্ৰ গামোচাখনৰ লগত বাঙালীসকলে দৈনন্দিন স্নান কাৰ্য, ভৰি-হাত আদি মচা কামত সততে ব্যৱহাৰ কৰা বাংলা গামোচাখনক সংযুক্ত কৰি সমন্বয় স্হাপন কৰিব বিচৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে।

গামোচা
গামোচাৰ বিকৃতকৰণক লৈ পশ্চিমবংগৰ লেখক-অনুবাদক শক্তিময় দাশৰ প্ৰতিক্ৰিয়া:

বাংলাৰ বিশিষ্ট লেখক-অনুবাদক শক্তিময় দিশে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় : এনে কাৰ্যৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ। যিসকলে এই কাম কৰিছে তেওঁলোক গৰিহনাৰ যোগ্য। মহপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ সৃষ্ট পৱিত্ৰ নামঘৰৰ মণিকূটত ৰখাৰ পৰা আৰম্ভ কৰি সন্মানীয় ব্যক্তিক সন্মান-উপহাৰ আদি ক্ষেত্ৰত অসমীয়াসকলে পৱিত্ৰ বস্ত্ৰ হিচাপে গামোচাখন ব্যৱহাৰ কৰে।

গামোচাৰ লগত অসমীয়াৰ জাতীয় ঐতিহ্য আৰু সন্মান জড়িত হৈ আছে। ইয়াৰ বিপৰীতে অসমীয়াৰ গামোচাখনৰ লগত সংযুক্ত কৰি সমন্বয় সৃষ্টি কৰিব বিচৰা ৰঙা বৰণৰ কাপোৰখন বাঙালীসকলে স্নান আদিকে ধৰি নিত্যকৰ্মতহে ব্যৱহাৰ কৰে। অসমীয়াসকলে উত্তৰীয় হিচাপে ব্যৱহাৰ কৰা সন্মানৰ গামোচাখনৰ বিপৰীতে বাঙালীসকলে তেওঁলোকৰ গামোচা নামৰ ৰঙা বৰণৰ এই বস্ত্ৰখন উত্তৰীয় হিচাপে ব্যৱহাৰ নকৰে। বাঙালীৰ উত্তৰীয় হৈছে এখন সুকীয়া বস্ত্ৰ। বাঙালীসকলৰো সম্ভ্ৰান্ত উত্তৰীয় বস্ত্ৰৰ এক সুকীয়া মৰ্যাদা আছে।

আনহাতে অসমীয়াৰ পৱিত্র গামোচাৰ লগত বাঙালীৰ গামোচা সংযুক্ত কৰি সমন্বয়ৰ নামত একাংশই মিশ্ৰ সংস্কৃতি আমদানি কৰিব বিচৰা কাৰ্যক গৰিহণা দি পশ্চিমবংগৰ বিশিষ্ট লেখক-অনুবাদক দাশে লগতে কয় যে দুটা জাতিৰ সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰত উদাৰতাৰ বিষয়টো বেলেগ। অসমীয়া আৰু বাঙালী দুয়োটাই সাহিত্য-সংস্কৃতিত চহকী জাতি ।

সেয়ে নিজস্ব জাতি-সত্তা, সাহিত্য-সংস্কৃতি,আত্ম গৰিমা আদিক জলাঞ্জলি দি সংস্কৃতিক লৈ এনেদৰে ফিউজন কৰাৰ কোনো প্ৰয়োজন নাই । কাৰণ ফিউজনৰ কবলত পৰি জাতীয় সংস্কৃতিয়ে নিজস্ব বৈশিষ্ট্য হেৰুৱাব লগাত পৰে। সংস্কৃতিত হোৱা ফিউজন নিচাযুক্ত হেৰ’ইনতকৈ ক্ষতিকাৰক। বাংলা ভাষাৰ সমানে অসমীয়া ভাষাত বুৎপত্তি থকা শক্তিময় দাশে ভৌগলিক পৰিধি ভাঙি অসমীয়া আৰু বাংলা সাহিত্য-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বাংলা মোৰ যিদৰে মাতৃভাষা একেদৰে অসমীয়া মোৰ মাতৃ স্হানীয় ভাষা।

উল্লেখ্য যে অনুবাদক শক্তিময় দাশে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু দশম, মাধৱদেৱৰ নামঘোষা আৰু ভক্তি ৰত্নাৱলীৰ পৰা আৰম্ভ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’কে ধৰি জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড: মহেশ্বৰ নেওগ, ৰজনীকান্ত বৰদলৈ,নৱকান্ত বৰুৱা গনেশ গগৈ আদি অসমৰ প্ৰসিদ্ধ লেখকসকলৰ লিখনি বাংলা ভাষালৈ অনুবাদ কৰি উলিয়াই।

আনহাতে চাৰিবছৰ চেষ্টাৰ ফলত তেওঁ শেহতীয়াকৈ উপন্যাসিক আব্দুল মালিকৰ ‘ধন্য নৰ তনু ভাল’ নামৰ প্ৰসিদ্ধ উপন্যাসখন বাংলা ভাষালৈ অনুবাদ কৰে । বিগত বৰ্ষৰ নৱেম্বৰ মাহত ‘ধন্য নৰ তনু ভাল’ উপন্যসনৰ শক্তিময় দাসে কৰা বাংলা সংস্কৰণটি কলকাতাত অসম সাহিত্য সভাৰ উদ্যোগত উন্মোচন কৰা হয় ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GamosaSaktimoi Dassগামোচাশক্তিময় দাশ
Share5Tweet3Send

Related Posts

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

by News Desk
September 15, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
55
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
53
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
55
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d