![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে বুজি পোৱা নাই শিক্ষাৰ গুৰুত্ব। তেওঁৰ নিম্ন শিক্ষাগত অৰ্হতা (Educational Qualification) দেশৰ বাবে ভয়ংকৰ! কাৰাবন্দী আম আদমি পাৰ্টি (AAP)ৰ নেতা মনীষ ছিছোদিয়াই (Manish Sisodia) কাৰাগাৰৰ পৰা (From Jail) দেশবাসীলৈ লিখা এখন (letter written to the countrymen) মুকলি চিঠিত এই কথা দাবী কৰে।
দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে টুইটযোগে দিল্লীৰ প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষে লিখা এই পত্ৰখন প্ৰকাশ কৰে। চিঠিখনৰ সাৰাংশ উদ্ধৃতি দি কেজৰিৱালে লিখিছে, “মনিষে জে’লৰ পৰাই দেশবাসীলৈ এখন চিঠি লিখিছে। প্ৰধানমন্ত্ৰীৰ নিম্ন শিক্ষা দেশৰ বাবে অতি বিপদজনক। মোদীয়ে বিজ্ঞান বুজি নাপায়। শিক্ষাৰ গুৰুত্ব মোদীয়ে বুজি নাপায়। বিগত কেইবছৰমানৰ পৰা প্ৰায় ৬০ হাজাৰ বিদ্যালয় বন্ধ হৈ পৰিছে।”ভাৰতৰ প্ৰগতিৰ বাবে এজন শিক্ষিত প্ৰধানমন্ত্ৰী থকাটো প্ৰয়োজন বুলিও মনীষে চিঠিখনত উল্লেখ কৰিছে।

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাৰ সন্দৰ্ভত কেজৰিৱালে গুজৰাট উচ্চ ন্যায়ালয়ত আঘাত হানিছিল। মোদীয়ে নিৰ্বাচনী শপতনামাত কয় যে তেওঁ ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এত উত্তীৰ্ণ হৈছিল। সেই আধাৰতেই কেজৰিৱালে মোডীৰ বি এ আৰু এম এ পৰীক্ষাৰ প্ৰমাণ-পত্ৰ চাবলৈ কেন্দ্ৰীয় তথ্য আয়োগত (চি আই চি) আবেদন কৰিছিল।
সেই অনুসৰি চিআইচিয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅʼ), দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ক প্ৰমাণ-পত্ৰ দেখুৱাবলৈ নিৰ্দেশ দিয়ে। চিআইচিৰ এই নিৰ্দেশৰ বিৰুদ্ধে গুজৰাট বিশ্ববিদ্যালয় আদালতলৈ গৈছিল। ৩১ মাৰ্চ শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ একক বিচাৰপীঠে চিআইচিৰ নিৰ্দেশ খাৰিজ কৰে। প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ প্ৰমাণ-পত্ৰৰ সবিশেষ বিচৰাৰ বাবে কেজৰিৱালক ২৫ হাজাৰ টকা জৰিমনা বিহা হয়।
আদালতৰ ৰায়দানৰ পাছত কেজৰীয়ে কয়, “প্ৰধানমন্ত্ৰী কিমান শিক্ষিত সেই কথা জনাৰ অধিকাৰ দেশৰ জনসাধাৰণৰ নাই নেকি? মই বুজি নাপাওঁ যে আদালতত ডিগ্ৰী দেখুৱাবলৈ তেওঁলোকে কিয় ইমান আপত্তি কৰে! যিজন ব্যক্তিয়ে ডিগ্ৰী চাব বিচাৰিছিল, তেওঁক জৰিমনা বিহা হʼল? কি হৈছে! এজন অশিক্ষিত বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপজ্জনক।”










