![]()
পুনৰ মানহানিৰ গোচৰৰ সন্মুখীন হʼব পাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)। অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে এইবাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কয় যে আগন্তুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) অসম ভ্ৰমণৰ পিছতহে ৰাহুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য, বিগত শনিবাৰে ৰাহুলৰ এটা টুইটক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হয়। উক্ত টুইটত আদানী গ্ৰুপত বেনামী বিনিয়োগৰ অভিযোগ উত্থাপন কৰি ৰাহুলে লিখিছে, “তেওঁলোকে সত্য লুকুৱাই ৰাখে, সেইবাবেই প্ৰতিদিনে বিভ্ৰান্তি বিয়পাই দিয়ে! (কিন্তু) প্ৰশ্নটো একেই আছে— আদানী কোম্পানীত (Adani Company) ২০ হাজাৰ কোটিৰ বেনামী ধন কাৰ আছে?” ৰাহুলে টুইটটোত ‘আদানী’ শব্দৰ সৈতে কেইবাজনো প্ৰাক্তন কংগ্ৰেছ নেতাৰ আৰম্ভণিৰ আখৰ যোগ কৰে, কাৰো নাম পোনপটীয়াকৈ নোলোৱাকৈ। হিমন্তৰ উপৰি তেওঁলোকৰ ভিতৰত আছে গুলাম নবী আজাদ, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰণকুমাৰ ৰেড্ডী আৰু এ কে এণ্টনি। উল্লেখযোগ্য যে এসময়ত আটাইকেইজনেই কংগ্ৰেছত আছিল। তাৰ ভিতৰত একমাত্ৰ আজাদে কংগ্ৰেছ ত্যাগ কৰি নিজাকৈ দল গঠন কৰিলে। বাকীসকলে বিজেপিত যোগদান কৰিলে।
এই টুইটক কেন্দ্ৰ কৰিয়ে ৰাহুলক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে। তেওঁ টুইট কৰি কয়, “আপোনাক কেতিয়াও সোধা নাই যে ব’ফৰ্চ আৰু নেচনেল হেৰল্ড কেলেংকাৰীৰ দৰে অপৰাধৰ পৰা পোৱা ধন কʼত লুকুৱাই ৰাখিছে? এইটো আমাৰ ভদ্ৰতা। আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা বাৰে বাৰে এৰাই চলিবলৈ অটাভিঅʼ কুট্ৰোচিক কেনেকৈ সহায় কৰিলে? যিয়েই নহওক আমি এই কথাত আদালতত সাক্ষাৎ কৰিম।”
হিমন্ত বিশ্ব শৰ্মা তাতেই থমকি ৰোৱা নাই। দেওবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয়, “ৰাহুল গান্ধীৰ এই টুইট মানহানিকাৰক। ইয়াৰ উত্তৰ আমি প্ৰধানমন্ত্ৰীৰ আমাৰ ৰাজ্য ভ্ৰমণৰ অন্তত দিম। তেওঁৰ বিৰুদ্ধে গুৱাহাটীত মানহানিৰ গোচৰ ৰুজু কৰিম।”













