![]()
আজি পুৱাৰ ভাগত বকলীয়াঘাট (Bokoliaghat)ৰ যমুনা নৈ (Yamuna river)ৰ বুকুত এটি কণমানি শিশুৰ মৃতদেহ উদ্ধাৰ (Child’s body recovered ) কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বকলীয়াঘাটৰ আটিগাঁৱৰ ঋষভ বিশ্বাস (Rishabh Biswas) নামৰ দুবছৰীয়া শিশুটি কালি বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল।

কালিৰে পৰা শিশুটিৰ অভিভাৱকে শিশুটিক বিচাৰি কোনো শুং সূত্ৰ নোপোৱাৰ পিছত আজি পুৱা যমুনা নৈৰ পানী যুঁৱলিত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ এলেকাটোত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।
বকলীয়াঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।












