![]()
সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো অগ্নি নিৰ্বাপন বাহিনীৰ উদ্যোগত উদযাপন কৰাসহয় অগ্নি সেৱা সপ্তাহ(Fire Service Week)৷ এই উপলক্ষে আজি ডিফু স্থিত আৰক্ষী ছাউনীৰ সমীপত অগ্নি নিৰ্বাপন বাহিনীৰ কাৰ্যালয়ত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কৰে অগ্নি নিৰ্বাপন কৰে ভাৰপ্ৰাপ্ত বিষয়া বিদ্যাছিং বে’ই ৷

ইয়াৰ পিছত অগ্নিনিৰ্বাপন বাহিনীৰ বাহনলৈ বিদ্যাছিং বে’ৰ নেতৃত্বত অগ্নি নিৰ্বাপন বাহিনীৰ জোৱান সকলে ডিফু চহৰৰ মাজেৰে বিৰলালৈকে শোভা যাত্ৰা উলিওৱা হয় ৷ শোভা যাত্ৰা কালত তথ্য আৰু জনসংযোগ বিভাগৰ মাইক যোগে অগ্নিকাশ্ডৰ সময়ত কেনেদৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ওপৰত সজ্গতা সৃষ্টি কৰা হয় ৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু অগ্নি নিৰ্বাপন বাহনীৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যাছিং বে অগ্নি সেৱা সপ্তাহ উদযাপনৰ ইতিহাস আৰু তাৎপৰ্য বাখ্যা কৰে ৷













