![]()
ইয়ং বিগ্ৰেড (Young Brigade), অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ (Assam Pradesh Congress Seva Dal) উদ্যোগত, ইয়ং বিগ্ৰেড বোকাখাত নগৰ ব্লক কমিটি আৰু ইয়ং বিগ্ৰেড বোকাখাত সমষ্টি কমিটিৰ সহযোগত আজি বোকাখাতৰ সাংবাদিক (Journalists of Bokakhat)ক বিহুৰ শুভেচ্ছা প্ৰদান (Happy Bihu) কৰা হয়।
বোকাখাতস্থ কংগ্ৰেছ কাৰ্যালয় ভৱন ‘গান্ধী ভৱন’ত আয়োজিত অনুষ্ঠানত প্ৰদেশ ইয়ং বিগ্ৰেডৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়াৰ বিশেষ উদ্যোগত, শইকীয়াই আঁত ধৰা অনুষ্ঠানত সাংবাদিকসকলৰ প্ৰতি সন্মান জনাই আমন্ত্ৰিত দলে হুঁচৰি আৰু বিহু নাচ প্ৰদৰ্শন কৰে। সমবেত বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা বোকাখাত, কে এন এন-কে ধৰি বোকাখাতৰ সাংবাদিক সংগঠনসমূহৰ প্ৰায় ডেৰ কুৰি সাংবাদিকক ইয়ং বিগ্ৰেডৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা আৰু একোটিকৈ বিহুৰ উপহাৰ প্ৰদান কৰে। বিহু ববীয়া শুভেচ্ছাৰ অনুষ্ঠানত সাংবাদিকৰে মত-বিনিময় হয়।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক ক্ৰমে ভৱানন্দ কলিতা আৰু উত্তম শইকীয়া, জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল মোৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত গোলাঘাট জিলা কংগ্ৰেছৰ উপ-সভাপতি ধৰ্মেশ্বৰী কুৰ্মী, প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা মামণি দলে, প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতি পৰিষদৰ উপ-সভাপতি বিপুল দাস আদি উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত লগতে ইয়ং বিগ্ৰেডৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত পিঠা-পনা, জলপানেৰে সাংবাদিকসকলক আপ্যায়িত কৰা হয়।













