![]()
বলীউডৰ তাৰকা, ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি সামাজিক গণ্য-মান্য ব্যক্তিলৈকে বৃহস্পতিবাৰে টুইটাৰত (Twitter) ‘বিশেষ’ হোৱাৰ পৰিচয় হেৰুৱাই পেলালে বহুতে। তেওঁলোকৰ নামৰ কাষত থকা ‘ব্লু টিক’ চিহ্নটো টুইটাৰৰ পৰা আঁতৰাই দিয়া হৈছে। এই তালিকাত অমিতাভ বচ্চন (Amitabh Bacchan), শ্বাহৰুখ খান (Shahrukh Khan) , বিৰাট কোহলী (Virat Kohli) আৰু ৰাহুল গান্ধীৰ (Rahul Gandhi) দৰে ব্যক্তিত্বও সন্নিবিষ্ট কৰা হৈছে।
এতিয়াৰে পৰা টকাৰে ‘ব্লু টিক’ (Blue Tick) সেৱাত ছাবস্ক্ৰাইব কৰা টুইটাৰ ব্যৱহাৰকাৰী সকলেহে তেওঁলোকৰ নামৰ কাষত এই বিশেষ চিহ্নটো থাকিব। আগতে টুইটাৰত প্ৰায় তিনি লাখ ব্যৱহাৰকাৰীৰ নামৰ কাষত ব্লু টিক এটা আছিল। ইয়াৰ ভিতৰত আছিল অভিনেতা-অভিনেত্ৰী, খেলুৱৈ, ৰাজনীতিবিদ আৰু সাংবাদিক। এই লোকসকলৰ আধাতকৈ অধিক লোকৰ নামৰ পৰা ব্লু টিক আঁতৰাই পেলোৱা হৈছে।
বৃহস্পতিবাৰে বিয়লিৰ পিছত টুইটাৰত নিজৰ ‘ব্লু টিক’ হেৰুৱাইছে শ্বাহৰুখৰ দৰেই অপ্ৰা উইনফ্ৰে, জাষ্টিন বিবাৰ, কেটি পেৰী আৰু কিম কাৰ্দাছিয়ানৰ দৰে তাৰকায়ো। বিল গেটছৰ পৰা পোপ ফ্ৰান্সিছলৈকে ব্যক্তিত্বই বিশেষ হোৱাৰ চিন হেৰুৱাই পেলাইছে
মাইক্ৰোব্লগিং চাইটটোৰ মতে, এতিয়াৰে পৰা ‘ব্লু টিক’ ৰখাৰ বাবে ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে ৬৫৭ টকা দিব লাগিব। যদি কোনো সংস্থাই টুইটাৰত নিজৰ নামৰ কাষত ‘ব্লু টিক’ এটা লগাব বিচাৰে তেন্তে তেওঁলোকে বহুত খৰচ কৰিব লাগিব, প্ৰায় ৮২ হাজাৰ টকা।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যিসকলে এই ধন আগতে জমা কৰিছে তেওঁলোকৰ নামৰ কাষত টুইটাৰত ‘ব্লু টিক’ চিহ্ন আছে।












