![]()
সমগ্ৰ জিলাৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ (Karbi Anglong) বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন পৱিত্ৰ ঈদ ঊল ফিটৰ (Eid-ul-Fitr Celebration)৷ এইলৈ পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফু (Diphu)তো পৱিত্ৰ ৰমজান মাহৰ ৰোজা (ব্ৰত) ৰখাৰ পিছত উদযাপন কৰা হয় ঈদ ঊল ফিটৰ ৷

ডিফু চহৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী অঞ্চলৰ ইছলাম ধৰ্মালম্বীলোকে ডিফু জামে মছজিদত সমবেত হয় ৷ প্ৰায় তিনি সহস্ৰাধিক ঈছসান ধৰ্মালম্বী ভক্তপ্ৰাণ লোকে ডিফু জামে মছজিদত আলহাজ মৌলানা গিয়াছ উদ্দিনৰ কাছিমীৰ ইমামতীত্বত ঈদ ঊল ফিটৰৰ ২ ৰাকাত ওৱাজিৱ নামাজ আদায় কৰে ৷

মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে বিশ্ব জাহানত চিৰশান্তি আৰু ভাতৃত্ববোধেৰে সমন্বয় গঢ়ি তোলাৰলবাবে অদৃশ্যজনৰ ওচৰত দোৱা মাগফেৰাত কৰে৷ লগতে উক্ত দোৱাৰ জৰিয়তে মুৰ্দেগানসকলৰ ৰূহৰ (আত্মাৰ) সদগতিৰ বাবে বিশেষভাবে প্ৰাৰ্থনা কৰা হয়৷ ঈদৰ নামাজৰ পূৰ্বে ভক্তপ্ৰাণসকলে দুখীয়া-নিচলাসকলৰ মাজত ফেচৰা, জাকাত আদি আদায় কৰা পৰিলক্ষিত হয় ৷

নামাজৰ শেষত প্ৰতিজন ইছলাম ধৰ্মালম্বীসকলে ইজনে-সিজনক স্নেহালিংগন কৰি আনন্দ উৱৃল্লাহ প্ৰকাশ কৰে ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপত ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমীয়ে কয় যে, ঈদৰ নামাজৰ জৰিয়তে বিশ্বশান্তি আৰু ভাতৃত্ববোধেৰ বাবে বিশেষ দোৱা প্ৰাৰ্থনাৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতে চিৰশান্তি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যাতে সমন্বয়ৰ মাজেৰে বসবাস কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷












