![]()
২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকৈ চাৰিদিনীয়া কাৰ্যসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকা’ৰ (Karbi Anglong’s Dokmaka) ৰাছিনজা আক্লামত আজিৰ পৰা অনুষ্ঠিত হৈছে কাৰ্বি লামেট আমেই (Karbi Lamet Amei) তথা কাৰ্বি সাহিত্য সভাৰ (Karbi Sahitya Sabha) ৩১সংখ্য বাৰ্ষিক অধিবেশন (Annual Session)।

কালি প্ৰতিনিধি পঞ্জীয়নৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি লামেট আমেই কেন্দ্রীয় সমিতিৰ সভাপতি বাৰিম ইংতি’য়ে পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ তৰ্পন, ইয়াৰ পিছত কাৰ্বি লামেট আমেই’ৰ সাধাৰণ সম্পাদক জয়ছিং টকবি’য়ে আত ধৰা সভাত কাৰ্বি লামেট আমেই প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লংকাম টেৰণৰ জীবনীৰ ওপৰত আলোচনা চক্র অনুষ্ঠিত হয়। উক্ত সভাত প্ৰয়াত লংকাম টেৰণৰ পুত্ৰ প্ৰভাত টেৰণ আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰে বহুমূলীয়া মন্তব্য আগবঢ়াই।আনহাতে উক্ত অনুষ্ঠানতেই কাৰ্বি লামেট আমেই’ৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা কেইবাখনো পুথি উন্মোচন কৰা হয়।
উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত অতিথি হিচাবে উপস্থিত থাকে ক্ৰমে ১৮ নং হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছু, কাৰ্যবাহী সদস্য লুনছিং টেৰণ, কাংবুৰা কিলিং, বিলিমোহন খাকলাৰী, সূৰ্য্য ৰংফাৰ, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোঁচ, আদি কৰি কাৰ্বি লামেট আমেই’ৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে।

আনহাতে কাৰ্বি লামেট আমেই’ৰ ৰাছিনজা আক্লামত জিলা খনৰ বিভিন্ন বিভাগৰ দ্বাৰা আয়োজন কৰা প্ৰদৰ্শন দ্বাৰ সমূহৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভ্যৰ্থনা সমিতিৰ হৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ৱে কয় যে, কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় চাৰি শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে ৷ কাইলৈ মুকলি সভাত মুখ্য অতিথি হিছাপে কাৰবি আংলং সেবায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ৷
কাৰবি লাম্মেট আমেইৰ সঙাপতি বাৰিম ইংতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি যদিও কাৰবি লাম্মেট আমেইৰ ৩১ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছে, বয়স অনুপাতে কাৰবি লাম্মেট আমেই ৫৭ বছৰ সম্পন্ন কৰিছে ৷ সেয়ে ৫৭ খন পতাকাৰ লগতে মুল পতাকা সহ মুঠ ৫৮ খন পতাকা উত্তোলন কৰা হৈছে ৷
আজিৰ অধিৱেশন মুঠ ৭৫টা শাখা সমিতিৰ ১০ টা আঞ্চলিক সমিতিৰ ৯ খনৰ লগতে ৩৬ খন শাখা সমিতিয়ে অংশ গ্ৰহণ কৰিছে ৷ কাৰবি আংলঙৰ লগতে নগাওঁ, হোজাই, বিশ্বনাথ, অৰুণাচল আদিৰ পৰা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে বুলি কয় ৷আনহাতে কাৰবি সাহিত্য বিকাশৰ বাবে অভিজ্ঞ সকলৰ গঠন মূলক দিহা- পৰামৰ্শ লৈ কাম কৰি থকা হৈছে বুলি মন্তব্য কৰিছে৷












