![]()
নয়ডাৰ এগৰাকী মহিলাই অতিৰিক্ত ধন উপাৰ্জনৰ বাবে কেইবাটাও ইউটিউব ভিডিঅ’ (Youtube Video) লাইক কৰে। আৰু তেনে কৰি থাকোঁতে তেওঁৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৪.৫ লাখ টকা নোহোৱা হৈ যায়। নয়ডাৰ ছেক্টৰ ৬১ এলেকাত (Sector 61 area of Noida) সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহিলাগৰাকীক প্ৰথমে হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰি চাকৰি লাভৰ বাবে প্ৰলোভিত কৰা হৈছিল। তেওঁক কোৱা হয় যে তেওঁ বিভিন্ন ই-কমাৰ্চ ৱেবছাইটৰ ইউটিউব ভিডিঅ’ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি ঘৰতে বহি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে।
ইয়াৰ পিছতে মহিলাগৰাকীক টেলিগ্ৰামৰ এটা গ্ৰুপত যোগ কৰি ইউটিউবৰ কিছুমান ভিডিঅ’ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কোৱা হয়। মহিলাগৰাকীৰ আস্থা লাভৰ বাবে প্ৰথমে মহিলাগৰাকীৰ একাউণ্টলৈ কিছু ধনো প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছত তেওঁক আন কিছুমান ইউটিউব চেনেল লাইক কৰিবলৈ কোৱা হৈছিল। কিন্তু তাৰ পিছত কিছু মুহূৰ্তৰ ভিতৰতে মহিলাগৰাকীৰ একাউণ্টৰ পৰা ৪ লাখ ৩৮ হাজাৰ টকা নোহোৱা হৈ যায়।

পিছত প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰি মহিলাগৰাকীয়ে নয়ডাৰ ছেক্টৰ ৫৮ থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।দেশত দিনক দিনে বৃদ্ধি পাইছে হোৱাটছএপৰ জৰিয়তে এনে জালিয়াতিৰ ঘটনা। শেহতীয়াকৈ হোৱাটছএপত আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা ফোন কৰি কেলেংকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।
ইতিমধ্যে চৰকাৰে এনে প্ৰৱঞ্চনা বন্ধ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। হোৱাটছএপক ভুৱা একাউণ্ট ব্লক কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে।কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণবে টেলিকম বিভাগৰ সঞ্চাৰ সাথী ৱেবছাইট উন্মোচন কৰি কয় যে ভাৰতত ৩৬ লাখৰো অধিক হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে। সাধাৰণ মানুহকো এনে প্ৰৱঞ্চনাৰ জালত নপৰিবলৈ পৰামৰ্শ দিছে চৰকাৰে।











