![]()
বিগত কেইবাবছৰ ধৰি কাৰবি আংলং (Karbi Anglong) জিলাৰ শিক্ষাৰ মানদণ্ড নিম্নগামী হোৱাৰ পিছত এইবাৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা-2023 (AHSLC-2023)ত কিছু উন্নত ফলাফল লাভ কৰিলে৷ বিশেষকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয় (Government medium schools)সমূহে আশাপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ একাধিক চৰকাৰী বিদ্যালয়ে (large number of government schools in Diphu) ১০০ শতাংশ ফলাফল (100 percent result) প্ৰদৰ্শন কৰি উজলি উঠিবলৈ সক্ষম হৈছে৷

১০০ শতাংশ ফলাফল লাভ কৰা বিদ্যালয় সমূহ ক্ৰমে, ডিফুৰ চন্দ্ৰছিং টেৰণ হাই স্কুল৷ চন্দ্ৰছিং টেৰণ হাইস্কুলত মুঠ ১৭ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ১৭ গৰাকীয়েই উত্তীৰ্ণ হয় ৷ইয়াৰে প্ৰথম বিভাগত ৭ গৰাকী আৰু দ্বিতীয় বিভাগত ১০ গৰাকী তৃতীয় বিভাগ ০, বীণাপানী হাইস্কুলত অৱতীৰ্ণ হৈছিল ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১৮ গৰাকীয়েই উত্তীৰ্ণ হয় ৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ১০ গৰাকী আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮ গৰাকী ৷ উত্তীৰ্ণৰ শতকৰা হাৰ ১০০ শতাংশ ৷ ডিফু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ২৫ গৰাকীয়েই উত্তীৰ্ণ হয় ৷
ইয়াৰে প্ৰথম বিভাগত ৩ গৰাকী আৰু দ্বিতীয় বিভাগত ২২ গৰাকী উত্তীৰ্ণ হয় ৷ আনহাতে ইয়াৰ সমান্তৰালকৈ ডিফুৰ ছানৰাইজ ইংলিছ একাডেমী, নাইট হাইস্কুল, ছিচটাৰ নিবেদিতা গাৰ্লছ হাইস্কুল, ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতন, প্ৰেছবাইটেৰিয়েন মিচন হাইস্কুল আৰু মহাত্মা গান্ধী মেম’ৰিয়েল স্কুলেও ১০০ শতাংশ ফলাফল লাভ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷













