![]()
এজন বেনামী টুইটাৰ (Anonymous Twitter) ব্যৱহাৰকাৰীয়ে শীঘ্ৰে বিস্ফোৰণ ঘটাই (by exploding) সমগ্ৰ মুম্বাই চহৰ (City of Mumbai)খন উৰুৱাই দিয়াৰ ভাবুকি (The threat to blow up) দিয়ে। অৱশ্যে পৰিচয় লুকুৱাই ৰখাৰ পিছতো তেওঁক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়। এই কথা মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুম্বাই আৰক্ষীয়ে জনায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ১১ বজাত অভিযুক্তই টুইটাৰযোগে ভাবুকি দিছিল, “শীঘ্ৰে বিস্ফোৰণ কৰি মুম্বাই চহৰখন উৰুৱাই দিম।” অভিযুক্তক চিনাক্ত কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈ যায় আৰক্ষী। অৱশ্যে অভিযুক্তৰ পৰিচয় প্ৰকাশ কৰা নাই আৰক্ষীয়ে।
মুম্বাই আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “অনলাইন ভাবুকিৰ সৈতে জড়িত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ পিছত জেৰা চলি আছে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।”











