ASSAM TIMES POST
ডিফুঃ ডিফুৰ কাজিৰ ৰংহাংপীৰ সোঁৱৰণত এখন বহুভাষী কবি সন্মিলন আজি অনুষ্ঠিত হয়৷ পুৱাৰ পৰাই এই কবি সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হয়৷ তদুপলক্ষে কাজি ৰংহাংপীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰাপক কাৰ্বি লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক, সাহিত্যিক লুনছে তিমুঙে৷

আনহাতে মাল্যাৰ্পণ কৰে বিশিষ্ট লিখক নজেন্দ্ৰ নুনিছাই৷ অসম বিশ্ববিদ্যালয় (ডিফু চৌহদ)ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কুসুম্বৰ বৰুৱাই উদ্বোধন কৰা কবি সন্মিলনখন সঞ্চালনা কৰে কাব্য কমল উপাধি প্ৰাপক বিশিষ্ট কবি-লেখক ছাৰএৎ হাঞ্চেই৷ ইয়াত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক ৰবীন গোস্বামী আৰু কবি-সাহিত্যিক থানেশ্বৰ ইংতি৷ উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভাষণে সকলোকে আকৰ্ষণ কৰে৷ ইয়াতে কেইবাজনো কবিয়ে কবিতা পাঠ কৰে৷ উল্লেখ্য যে এইঅনুষ্ঠানত বহু কবিৰ লগতে কবিতা অনুৰাগী উপস্থিত আছিল৷













