ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ অসমৰ চৰাইদেউ জিলাৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰাৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে দুঃসাহসিক কাৰ্যসূচীৰে আহি যোৱা ৫ ডিচেম্বৰত বোকাখাতত উপস্থিত হয় “বৃক্ষবন্ধু”ৰ সম্পাদিকা নিজৰা ফুকন।

১ ডিচেম্বৰৰ পৰা দৈনিক ত্ৰিশ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লক্ষ্য লৈ প্ৰায় ২২৫০ কিলোমিটাৰ দুৰত্ব ৭৫ দিনত অতিক্ৰম কৰিব। প্ৰতি দহ দিনৰ অন্তত এদিনকৈ জিৰণি লোৱাৰ কথা ভাবিছে আৰু এনেদৰে চৰাইদেউৰ পৰা নতুন দিল্লীলৈ সমগ্ৰ পদব্ৰজ অভিযানৰ বাবে মুঠ ৯০ দিন সময়ৰ পৰিকল্পনা লৈ আগবাঢ়িছে বুলি নিজৰা ফুকনে এই প্ৰতিবেদকক জানিবলৈ দিছে।
খোজ কাঢ়ি নতুন দিল্লীত উপস্থিত হৈ ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ২০২০ বৰ্ষৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষত সংবিধানৰ আধাৰত “প্ৰকৃতিৰ অধিকাৰ আইন” প্রণয়ন কৰি বলবৎ কৰা, জৈৱ বৈচিত্ৰ্যৰ ৰম্যভূমি উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমখন “পৰিৱেশ বিশ্ববিদ্যালয়” স্থাপন কৰা, পৰিৱেশ সুৰক্ষার্থে চৰকাৰৰ অধীনত “পৰিৱেশ সুৰক্ষা বাহিনী” হিচাপে এটা চৰকাৰী বিভাগৰ ব্যৱস্থা কৰা , প্রতিমাহৰ প্ৰথমটো শনিবাৰে প্রতিটো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্রতিষ্ঠানত পৰিৱেশ সুৰক্ষার্থে কাম কৰাৰ নীতি প্ৰৱৰ্তন কৰা, ভাৰত চৰকাৰৰ অধীনত ইতিমধ্যে প্রকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ সকলাে আইন, ব্যাপক প্রচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বাস্তৱ ৰূপায়ণ আৰু প্রয়ােগ কৰা, পলিথিন আৰু প্লাষ্টিকৰ পৰিৱর্তে দেশত উপলব্ধ প্রাকৃতিক সম্পদেৰে ব্যৱহার্য সামগ্রী নির্মাণ কৰা, আচবাব নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা কাঠৰ গছসমূহ ৰােপনৰ এক পদ্ধতিগত, কৃষি ব্যৱস্থা হিচাপে নীতি প্ৰৱৰ্তন কৰা ইত্যাদি দাবীৰে তেখেতে এখনি স্মাৰকপত্ৰ প্ৰদান কৰিব।
চৰাইদেউৰ দিচাংপানী লাইচেং গাঁৱৰ যুৱতী গৰাকী জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰ ছাত্ৰী আৰু বৰ্তমান খেতিয়ক হিচাপে কৰ্মৰত। কালি বোকাখাতত জ্যেষ্ঠ নাগৰিক মঞ্চ, বোকাখাত মহকুমা কবি সন্মিলন, নাট্যম বোকাখাত , ৰূপজ্যোতি সংঘ, সাৰথি নাট্যগোষ্ঠী, ছাত্র সন্থা , মহকুমা সাংবাদিক সংস্থা, বৈদ্যুতিন সংবাদ মাধ্যমৰ লগতে বহুত ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠানে বিপুল সম্বৰ্ধনা জনায়।
আজি পুৱা নুমলীগড়ৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰা সময়ত ৰাইজে শুভেচ্ছা জনোৱাৰ লগতে ৰজাবাৰী ব্যবসায়ী সন্থা , ৰজাবাৰী নাট্যগোষ্ঠী, ৰজাবাৰী প্ৰাথমিক বিদ্যালয় আৰু স্থানীয় ৰাইজে সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ “বৃক্ষবন্ধু”ৰ এই যাত্ৰা ঐতিহাসিক জেৰেঙা পথাৰ, ৰূপহী পথাৰত গছপুলি ৰোপন, তলাতল ঘৰৰ গছত কপৌফুল ৰোপনেৰে আৰম্ভণি ঘটে। বৃক্ষ বন্ধুৰ নিজস্ব অৰ্থ ব্যয়েৰে আৰম্ভ কৰা এনে কাৰ্যসূচীৰ সফলতা কামনা কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে বোকাখতীয়া ৰাইজে।













