ASSAM TIMES POST
ডিফু : সদৌ অসম অস্থায়ী বিলক্লাৰ্ক আৰু মিটাৰ ৰীডাৰ কৰ্মী সন্থাৰ ১১ দফীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত ৰাজ্যজুৰি প্ৰতিজিলাৰ সদৰ আৰু মহকুমাত ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অসহযোগ আন্দোলনৰ আজি ষষ্ঠ দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱানাই ৷
সেয়ে আজি সন্দিয়া প্ৰতিবাদকাৰী সকলে মমবাতি জলাই প্ৰতিবাদ কৰিছে ৷ এই উপলক্ষে পাহাৰীয়া জিলা কাৰবি আংলঙৰ ডিফু বৈদ্যুতিক উপসংমণ্ডলৰ বিলক্লাৰ্ক মিটাৰ ৰীডাৰ কৰ্মী সকলে অৱস্থান ধৰ্ণা কাৰ্যসূচীৰে অসহযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷
বিলক্লাৰ্ক মিটাৰ ৰীডাৰ কৰ্মী সকলে সাংবাদিক সকলৰ আগত ক্ষোভ উজাৰি কয় যে চৰকাৰে তেওঁলোকৰ ন্যায্য দাবীক লৈ ভেকোঁ- ভাওনা আৰম্ভ কৰিছে ৷ অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ কৰ্মী সকলে অশেষ ত্যাগ স্বীকাৰ কৰি ৰ’দে- বৰষুণে উপভোক্তা সকলৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিজৰ দায়িত্ব সমূহ সততাৰে পালন কৰি আহিছে ৷

তাৰ বাবে চৰকাৰ আৰু সংশ্লীষ্ট কৰ্তৃপক্ষই এই কৰ্মচাৰী সকলক মিটাৰ ৰিডিঙৰ বাবে তিনিটকাকৈ আৰু স্পট বিলিঙৰ বাবে ৭ টকাহে আদায় দিয়ে যদিও সেয়া নিয়মীয়া নহয় ৷ তিনিমাহৰ দৰমহা জমা হলেও ডেৰমাহৰহে আদায় পোৱা যায় ৷ ইয়াৰোপৰি যোৱা ২৮ এপ্ৰিলত বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সকলৰ লিখিত সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল যদিও আজিলৈকে সাক্ষাৎকাৰ বা লিখিত পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰা নহ’ল আৰু এই সকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণ নকৰিলে ৷
ইয়াৰ বিপৰীতে এই ক্ষেত্ৰত ব্যক্তিগত কৰণ কৰিবলৈ গৈ এই কৰ্মচাৰী সকলৰ জীৱনলৈ অনিশ্চয়তা নমাই অনাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে ৷ সংশ্লিষ্ট বিভাগটোৰ উৰ্দ্ধতন বিষয়া কৰ্মী সকলে উচ্চ হাৰত দৰমহা লাভ কৰি যেনেকৈ পৰিয়াল পোহপাল দি আছে তেনেকৈ তেওঁলোকেও নুন্যতম টকাৰে পৰিয়ালটোক পোহপাল দি আছে যদিও চাকৰি নিয়মীয়া কৰণ নোহোৱাৰ বাবে জীয়ীতু ভুগিবলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে ৷
তেওঁলোকৰ ন্যায্যদাবী সমূহ পূৰণ নহলে পৰৱৰ্তী সময়ত সন্থাই জংগী আন্দোলন আৰম্ভ কৰি প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হব বুলি সকিয়াই দিয়ে ৷ এই লৈ সন্থাৰ উৰ্দ্ধতন মহলে বিজুলী ভৱনৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা চলি আছে যদিও অসহযোগ আন্দোলন প্ৰত্যাহাৰ হব নে নাই জানিব পৰা হোৱা নাই ৷












