![]()
ব্যৱসায়িক ছবিৰ জৰিয়তে বক্স অফিচত কামবেক কৰিব বিচাৰিছিল ছলমান খানে (Salman Khan)। কিন্তু তেনে নহ’ল। চলিত বৰ্ষত মুক্তি পোৱা ‘কিছি কা ভাই কিছি কি জান’ (Kisi ka bhai ki kisi ki Jaan) ছবিখন বক্স অফিচত ব্যৰ্থ (Failed at the box office) হয়। ছবিখনত বেনজিৰৰ লগতে বহু নতুন অভিনেতা-অভিনেত্ৰীও বলিউডত ভৰি দিয়ে। ইয়াৰ পূৰ্বে ‘ৰাধে’, ‘অণ্টিম : দ্য ফাইনেল ট্ৰুথ’ ছবিখনে বক্স অফিচত একেবাৰেই কাম কৰা নাছিল।
ইখনৰ পিছত সিখন ছবিৰ বিফলতাৰ পিছত এইবাৰ ধৈৰ্য হেৰুৱাই পেলাইছে ছলমানে। খবৰ অনুযায়ী, ভাগ্য ঘূৰাই পাবলৈ ভাইজানে এইবাৰ এজন পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰিছে।তেওঁ হৈছে সঞ্জয় লীলা বাঞ্চালী। বলীউডৰ অন্যতম শ্ৰেষ্ঠ ছবি নিৰ্মাতা। বাঞ্চালীয়ে ছলমানৰ সৈতে আগতেও কাম কৰিছে। নব্বৈৰ দশকৰ জনপ্ৰিয় ছবি ‘হম দিল দে চুকে সনম’ত বাঞ্চালী আৰু ছলমানে একেলগে কাম কৰিছিল। বক্স অফিচৰ সফলতাৰ উপৰি ছবিখনে দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিছিল। তেতিয়াৰ পৰাই অনুৰাগীসকলে পুনৰ পৰ্দাত বাঞ্চালী-ছলমান যুটিটো চাবলৈ আগ্ৰহী হৈ পৰে।

সেই কথা ভাবিয়ে ২০১৯ চনৰ মাজভাগত ‘ইনছাল্লাহ’ ছবিখন ঘোষণা কৰা হʼল। ছবিখনত ছলমান আৰু আলিয়া ভাটে ইজনে সিজনৰ বিপৰীতে যুটি হিচাপে কাম কৰাৰ কথা আছিল। ছলমানৰ পৰম্পৰা অনুসৰণ কৰি ‘ইনছাল্লাহ’ মুক্তিৰ কথা আছিল ২০২০ চনৰ ঈদত। সকলো ঠিকে-ঠাকে থকাৰ পিছতো ছবিখন নিৰ্মাণ কৰা নহʼল। কিন্তু এতিয়া খবৰটো হʼল যে মূলসুঁতিৰ বাণিজ্যিক ছবি ইখনৰ পিছত সিখন বিফল হোৱাৰ পাছত এইবাৰ বাঞ্চালীৰ সৈতে ‘ইনছাল্লাহ’ত কাম কৰিবলৈ আগ্ৰহী ছলমান।
বাঞ্চালীয়ে ‘ইনছাল্লাহ’ ছবিখনৰ জৰিয়তে দৰ্শকৰ আগত এটা প্ৰেম কাহিনী দাঙি ধৰিব বিচাৰিছিল। কেইবছৰমান আগতে ছলমানে এই ছবিখনৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা ছলমানে যি ধৰণৰ ছবিত কাম কৰি আহিছে, সেই ধৰণৰ ছবি সফল হোৱা নাই। ফ্লপৰ হেট্ৰিকৰ পিছত এইবাৰ ভাগ্য ঘূৰাই পাবলৈ উঠি-পৰি লাগিল ভাইজান। লগতে তেওঁ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিব নিবিচাৰে। বাঞ্চালীৰ সংস্পৰ্শত থাকিলেও ‘ইনছাল্লাহ’ হʼব নে নহয় সেই সম্পৰ্কে অৱশ্যে এতিয়াও অনিশ্চয়তা আছে।













