![]()
পাহাৰৰ পৰা শিল বাগৰি আহি তীৰ্থযাত্ৰী কঢ়িওৱা বাছত বাগৰি পৰাত চাৰিজন লোক মৃত্যুমুখত (4 Killed, 7 Injured As Boulders Tumbling Downhill Crush Vehicles) পৰে। আনহাতে, বহুকেইজন তীৰ্থযাত্ৰী আহত হয়। সোমবাৰে নিশা উত্তৰাখণ্ডত সংঘটিত হয় এই ঘটনা (Incidents in Uttarakhand)।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা গংগোত্ৰীৰ পৰা গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰকাশীলৈ উভতিছিল তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ। ছু নগৰৰ সমীপৰ পাহাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত এটা ডাঙৰ শিল পৰি যায়। সেই শিলৰ এটা বিশাল অংশ তীৰ্থযাত্ৰীৰে ভৰ্তি বাছখনত পৰে। ফলত থিতাতে মৃত্যু হয় ৪ জন তীৰ্থযাত্ৰীৰ। গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক। বাছখনত শিল সৰি পৰাৰ বাবে বাছখনৰ এটা অংশ সম্পূৰ্ণৰূপে চেপেটা হৈ যায়।
দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলায়। স্থানীয় এজন বাসিন্দাই জনোৱা মতে, পাহাৰৰ পৰা অবিৰতভাৱে শিল পৰি থকাৰ বাবে উদ্ধাৰ কামত বাধাৰ সৃষ্টি হয়। গভীৰ নিশালৈকে উদ্ধাৰ অভিযান চলি আছিল। দুৰ্যোগ ব্যৱস্থাপনা দলৰ সদস্য ৰাজেশ কুমাৰে কয় যে পাহাৰৰ পৰা হোৱা ভূমিস্খলনৰ ফলত তিনিখন বাহন চেপেটা হৈ গৈছে। গাড়ীকেইখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰা হ’লনে নাই, আৰু তেওঁলোকৰ কি অৱস্থা হৈছে তাৰ বিষয়ে স্থানীয় প্ৰশাসনে অৱশ্যে একো জনোৱা নাই।

গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাইত হোৱা ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ বাবে স্থানীয় প্ৰশাসনে বান্দৰকোটৰ পৰা যাতায়াত বন্ধ কৰি দিছে। মালাৰীত হিমবাহৰ বিস্ফোৰণে উটুৱাই লৈ গৈছে এখন গুৰুত্বপূৰ্ণ দলং। ফলত চামোলী জিলাৰ ১০খন গাঁৱৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
উত্তৰাখণ্ড, হিমাচল প্ৰদেশকে ধৰি পাহাৰীয়া ৰাজ্যসমূহত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। যাৰ ফলত কʼৰবাত ভূমিস্খলন সংঘটিত হৈছে, কʼৰবাত আকস্মিক বানৰ সৃষ্টি হৈছে। বতৰ বিভাগে দিল্লী, হিমাচলৰ লগতে উত্তৰাখণ্ডতো অতি ধাৰাসাৰ বৰষুণৰ চূড়ান্ত সতৰ্কবাণী জাৰি কৰিছে। প্ৰশাসনে ধাৰাসাৰ বৰষুণৰ বাবে ডেৰাডুন, টিহৰি, চামোলি, পৌৰী, বাগেশ্বৰ, নৈনিতাল, আলমোৰা, ৰুদ্ৰপ্ৰয়াগৰ সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। বতৰ বিভাগে জনোৱা মতে, ১১ আৰু ১২ জুলাইত উত্তৰকাশী, চামোলি, দেহৰাডুন, পৌৰী গড়বাল, বাগেশ্বৰ, চম্পাৱত, উধম সিং নগৰ, হৰিদ্বাৰ, আলামোৰাত ধাৰাসাৰ বৰষুণ হʼব।











