![]()
২০১৯ চনত কাৰবি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তীৰ বৃহতৰ লাংকাইজান এলেকাত সহস্ৰাধিক বিঘা ভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে উচ্ছেদ অভিযান চলোৱাৰ পিছত পুনৰ উক্ত ভূমি অবৈধ বেদখলকাৰীয়ে পুণৰ দখল (Again illegal encroachers occupy Langkaijan area) কৰে৷
উক্ত খবৰ লাভ কৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC)ৰ উদ্যোগত কাৰবি আংলং জিলাৰ লাংকাইজান আৰু ক্লুৰডুঙত পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান (Eviction drive in Lankaijan and Klurdung)৷ বিশাল নিৰাপত্তা বাহিনীলৈ চলিছিল উচ্ছেদ অভিযান উক্ত এলেকাত প্ৰায় ঘৰ লোকে কাৰবি আংলং জিলাৰ মাটি দখল কৰি খেতি কৰি আহিছিল ৷ বেদখলকাৰী সকলে এলেকাটোৰ কেইবাহাজাৰ বিঘা মাটি বেদখল কৰি তেওঁলোকে খেতি কৰি আহিছিল ৷ উচ্ছেদৰ পূৰ্বে বেদখলকাৰী সকলে প্ৰায় সকল বেদখলকাৰীয়ে নিজৰ নিজৰ গৃহৰ সামগ্ৰীসমূহ লৈ আতঁৰি গৈছে ৷
আনহাতে আমবাৰী এলেকাটো হোজাই জিলা আৰু কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নিজৰ নিজৰ বুলি দাবী কৰি আহিছে ৷ হোজাই জিলা প্ৰশাসনে এই এলেকাত বিদ্যুত সংযোগ, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ, অমৃৎ সৰোবৰ আঁচনিৰ কাম কৰি আছে৷ এগৰাকী বন বিষয়াই সাংবাদিকৰ আগত কয় যে, এলেকাটোৰ এহেজাৰ পাঁচশ বিঘা ভুমি ১৬৫ বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰা হ’ব লগতে বৰ্তমানলৈকে বেদখলকাৰীসকলে উচ্ছেদকাৰ্যত সহযোগিতা কৰিছে বুলি কয় ৷ উচ্ছেদস্থলীত হোজাই জিলাৰ এগৰাকী শিক্ষকে কয় যে দুয়োখন জিলাৰ উৰ্দ্ধতম কৰ্তৃপক্ষই সীমা নিৰদ্ধাৰণ কৰি উচ্ছেদ কৰক তাত আপত্তি নাই ৷

সীমা নিৰদ্ধাৰণ নহ’লে সীমান্তবাসী লোকৰ অলৈ-আথনি হয়৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে কৰা এই উচ্ছেদ অভিযান এতিয়া আমবাৰীত থমকিছে৷ আনহাতে এইলৈ উচ্ছেদস্থলীত হোজাই জিলা প্ৰশাসন আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ মাজত এক আলোচনা হয় ৷
পৰৱৰ্তী সময়ত দুয়োখন জিলা প্ৰশাসনে সীমা ভালদৰে নিৰ্দ্ধাৰণ হোৱাৰ পিছতহে আমবাৰী এলেকাত উচ্ছেদ হব বুলি জানিব পৰা গৈছে ৷ আজিৰ উচ্ছেদত বিধায়ক দৰচিং ৰংহাঙ, পৰিষদৰ ৰাজহ বিভাগৰ ইএম অমৰচিং তিচ’ ইএম মধুৰাম লেকথে, এমএচি জনি তিমুঙ, বনবিষয়া জগন্নাথ ৰংপি, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াকে ধৰি পৰিষদৰ আৰু বনবিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মী উপস্থিত থাকে৷












