![]()
জন্মসূত্ৰে তেওঁ এগৰাকী পাকিস্তানী অভিনেত্ৰী। কিন্তু নব্বৈৰ দশকত ১৫-১৬ বছৰ বয়সত চোমী আলীয়ে বলীউডৰ অভিনেত্ৰী (Somi Ali is a Bollywood actress) হোৱাৰ সপোন লৈ মায়ানগৰীত ভৰি দিছিল। সেই সময়ত বলীউডৰ তাৰকা ছলমান খানৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল (Salman Khan)। মাত্ৰ কেইবছৰমানৰ ভিতৰতে সুনীল শ্বেট্টী, ছৈফ আলী খান, মিথুন চক্ৰৱৰ্তী আদি অভিনেতাৰ সৈতে কেইবাখনো ছবিত কাম কৰিছিল চোমীয়ে।
অৱশ্যে বলীউডত তেওঁ বেছি দিন টিকি থাকিব নোৱাৰিলে। প্ৰায় এবছৰ ধৰি ছলমানৰ সৈতে সম্পৰ্কত আছিল। ইয়াৰ পূৰ্বেও চোমীয়ে কেইবাবাৰো যৌন নিৰ্যাতনৰ বিষয়ে মুকলিকৈ কৈছে। এইবাৰ ছচিয়েল মিডিয়া পেজত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি চোমী আলীৰ ইঙ্গিতমূলক পোষ্ট (Somi Ali alleges sexual harassment on social media)।

১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈকে ছলমানৰ সৈতে চোমীৰ সম্পৰ্ক আছিল। ‘মেনে প্যাৰ কিয়া’ত ছলমানক দেখা পাই চোমীয়ে প্ৰেমত পৰিছিল। আনকি তেওঁক লগ কৰিবলৈ তেওঁ ফ্লোৰিডাৰ পৰা মুম্বাইলৈও গুচি আহে। তেতিয়াৰ পৰাই ছলমানৰ সৈতে তেওঁৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। আঠ বছৰীয়া সম্পৰ্ক শেষ হোৱাৰ পিছত চোমীয়ে কেইবাবাৰো ছলমানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে সেই আঠটা বছৰ আছিল তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া সময়। কিন্তু এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিও চোমীয়ে কোনো নাম উল্লেখ নকৰিলে। আনহাতে, বিগত সময়ত ছলমানৰ প্ৰেমৰ সম্পৰ্কতো কম বিতৰ্কৰ সৃষ্টি হোৱা নাই। তেওঁৰ কেইবাগৰাকীও প্ৰাক্তন প্ৰেমিকাই তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। যদিও শেহতীয়া অভিযোগত ছলমানৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপি ছলমানক লক্ষ্য কৰি লৈছে নেকি? ইয়াৰ বিষয়ে চৰ্চা তুঙ্গত।













