![]()
যোৱা নিশা দুধনৈত আৰু ৰংজুলি সংঘটিত হয় দুটা পৃথক ভয়ানক পথ দুৰ্ঘটনা (Road Accident)। উক্ত দুয়োটা দুৰ্ঘটনাত দুজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুত্বৰভাৱে আহত হয়।

প্ৰথমে, দুধনৈৰ মাখিপাৰাত সংঘটিত দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় আৰু আন এজন যুৱক আহত হয়। দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত মাখিপাৰাত AS-01-NC-8437 নম্বৰৰ ট্ৰাক আৰু AS-01-BV-1067 নম্বৰৰ বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলশ্ৰুতিত বাইক চালক নীৰেন দৈমাৰী (২০) নামৰ যুৱক জনে মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়, লগতে আৰোহী প্ৰকাশ হাজোৱাৰী(২১) নামৰ যুৱক জন গুৰুতৰভাবে আহত হয় । আহত যুৱক জনক ততালিকে দুধনৈ এফ আৰ ইউ হস্পিটেলত ভৰ্তি কৰোৱা হয় ।
আনহাতে আন এক দুৰ্ঘটনা সংঘটিত হয় ৰংজুলি পৰিদৰ্শন বঙলাৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। গোৱালপাৰা অভিমুখী AS-25-U-7915 নম্বৰৰ তীব্ৰ বেগী বাইক আৰু গুৱাহাটী অভিমুখী ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত কামৰূপ জিলাৰ ৰাজাপাৰা-কুকুৰমাৰাৰ দদোশ্ৰী বসুমতাৰী নামৰ যুৱকজন থিতাতে নিহত হয় । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।













