মিছ ইউনিভাৰ্ছ ইণ্ডোনেছিয়াৰ (Miss Universe Indonesia) প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পিছত তেওঁলোকক যৌন নিৰ্যাতন চলোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।
প্ৰতিযোগীসকলৰ অধিবক্তাই কয় যে ফাইনেলৰ (৩ আগষ্ট) দুদিন পূৰ্বে আয়োজকসকলে প্ৰতিযোগীসকলক ‘টপলেছ’ হʼবলৈ বাধ্য কৰাইছিল। অৰ্ধ উলংগ হৈ থকাৰ সময়ত তেওঁলোকৰ শৰীৰত হাত দিয়ে। আনকি কেমেৰাতো তেওঁলোকক বন্দী কৰে।

এগৰাকী প্ৰতিযোগীয়ে কয়, “আয়োজকসকলে কয় যে তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ দাগ, টেটু আছেনে নাই পৰীক্ষা কৰিব লাগিব। কিন্তু ইয়াত মোৰ অধিকাৰ খৰ্ব হোৱা যেন অনুভৱ হৈছে।”
আন এগৰাকী প্ৰতিযোগীয়ে কয় যে আয়োজকসকলে তেওঁক কেমেৰাৰ সন্মুখত অশ্লীলভাৱে প’জ দিবলৈ বাধ্য কৰাইছিল। ভৰি দুখন ফাক কৰি প’জ দিবলৈ কোৱা হৈছিল বুলিও তেওঁ দাবী কৰে। তেওঁ কয়, “মোৰ বৰ অস্বস্তি লাগিছিল, এনে লাগিছিল যেন কোনোবাই মোৰ শৰীৰত জুমি জুমি চাইছে।”
জাকাৰ্টা আৰক্ষীয়ে জনোৱা মতে, মিছ ইউনিভাৰ্ছ ইণ্ডোনেছিয়াৰ প্ৰতিযোগীয়ে আয়োজকসকলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আনহাতে, মিছ ইউনিভাৰ্ছৰ আয়োজকসকলে মঙলবাৰে অৱগত কৰে যে ইতিমধ্যে এনে অভিযোগৰ শুনানি গ্ৰহণ কৰা হৈছে। তেওঁলোকে বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে।












