
কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে কঠোৰ অভিযান৷ কিন্তু আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতো অসম-নাগালেণ্ড সীমান্তত থমকি ৰোৱা নাই ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীসকল৷ নিতৌ মৰসাহ কৰি অব্যাহত ৰাখিছে বৰবিহ সদৃশ নিচাযুক্ত ড্ৰাগছৰ বেহা৷

আজি বিয়লি এক গোপন খবৰৰ ভিত্তিত কাৰবি আংলং জিলাৰ এএছপি (নিৰাপত্তা) জন দাসৰ নেতৃত্বত খটখটী (Khatkhati) থানাৰ অ’চি ৰমেন বৰদলৈ, এছ আই দীপক লাহন,এছআই (পি) স্বমধন স্বৰ্গীয়াৰী, এএছআই দীক বৰা, থানা ষ্টাফ আৰু চি-২০ চিআৰপিএফৰ সহযোগত খটখটীৰ মৃত হামিদ আলীৰ পুত্ৰ ফুৰকান আলী (৩৭)ৰ বাসগৃহত তালাচী অভিযান (Search operation) চলাই ৬টা পেকেটত ৫৭.৬৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ (57,65 gm heroin seized) কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত এক গোছৰ ৰুজো দি ধৃত ফুৰকান আলীক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷












