![]()
‘জোৱান’ (Jawan)ক লৈ ইতিমধ্যে দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। মাত্ৰ এসপ্তাহৰ অপেক্ষা, তাৰ পিছতে আহি আছে শ্বাহৰুখ খানৰ (Shah Rukh Khan) বহু চৰ্চিত ‘জোৱান’ (Much talked about ‘jawan’)। যোৱা ১০ জুলাইত ছবিখনৰ ‘প্ৰিভিউ’ মুকলি হোৱাৰ পিছত দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছিল। এই ছবিখনৰ ট্ৰেইলাৰ ৩১ আগষ্টত মুক্তি পায়। শ্বাহৰুখক ‘জোৱান’ত একাধিক ৰূপত দেখা গৈছে।

ইয়াৰ পূৰ্বে তেওঁ আন কোনো ছবিত ইমান ৰূপ দেখুওৱা নাই। এফালে ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা শ্বাহৰুখৰ অনুৰাগীসকলৰ মাজত উন্মাদনা দেখা গৈছে যদিও শ্বাহৰুখৰ কণ্ঠ বেলেগ। ‘জোৱান’ৰ দ্বাৰা বহু কথা শিকিলে, প্ৰথম আৰু শেষবাৰৰ বাবে এই কাম কৰিলে। আৰু কেতিয়াও নকৰে বুলি কিঙে প্ৰকাশ কৰিলে বুৰ্জ খলিফাত ।যোৱা ৩১ আগষ্টত শ্বাহৰুখ খানৰ চিনেমা ‘জোৱান’ৰ আৰবী গান ডুবাইৰ আটাইতকৈ ওখ অট্টালিকাটোত মুক্তি পায়।
সন্ধিয়াৰ পৰা তাত মানুহ ব্যস্ত। কʼলা টি-চাৰ্ট, ৰঙা জেকেট আৰু চছমা পিন্ধি মঞ্চত উঠে কিং খান। দৰ্শকৰ মাজত তীব্ৰ উত্তেজনা। ‘জিন্দা বান্দা’ গীতটো আৰম্ভ হোৱাৰ লগে লগে শ্বাহৰুখে মঞ্চত উঠি নিজেই নাচিলে। দৰ্শকৰ সৈতে কথা পাতিলে। ছবিখনৰ সংলাপ শুনালে। কিন্তু ‘জোৱান’ কৰি থাকোঁতে এনে এক অভিজ্ঞতা আছে যিটো শ্বাহৰুখে এই জীৱনত আৰু কেতিয়াও নকৰে। শ্বাহৰুখৰ এই অৱতাৰটো কেৱল এই ছবিখনতহে দেখা যাব।
শ্বাহৰুখৰ ভাষাত, “এই ছবিখনত মই জীৱনত প্ৰথমবাৰৰ বাবে মুণ্ডন কৰিলোঁ। এইটোৱেই মোৰ প্ৰথম আৰু শেষ। আশাকৰো আপোনালোকে মোৰ সন্মান ৰাখিব। আপোনালোকৰ কাৰণে মই মুণ্ডিতও হʼলোঁ। আশাকৰোঁ ছবিখন চাবলৈ যাব। কোনে জানে মোক আৰু কেতিয়াবা চুলি নোহোৱাকৈ দেখা পাবনে নাই!”













