ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহেৰুবালিৰ সৌজন্যময়ী ভট্টাচাৰ্য ক্ষেত্ৰত সাংস্কৃতিক গোষ্ঠী ‘কল্লোল’ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা নগাঁও গ্ৰন্থমেলা- ২০১৯ ৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীত বিয়লি ২ বজাৰ পৰা আমন্ত্ৰিত কবি-গল্পকাৰ-নাট্যকাৰৰ ‘নেপথ্য কথন’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়।

গল্পকাৰ শিবানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত ইমৰাণ হুছেইন, প্ৰদীপ শইকীয়া,অপূর্ব কুমাৰ শইকীয়া, ৰফিকুল হুছেইন, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা,ইমৰাণ হুছেইন, সপোনটি বৰদলৈ, মৃণাল কুমাৰ বৰা, দীপক বৰা আদিয়ে অংশগ্ৰহণ কৰি নিজস্ব ৰচনা শৈলীৰ বিষয়ে বক্তব্য দাঙি ধৰে। উক্ত অনুষ্ঠানত গ্ৰন্থপ্ৰেমী ৰাইজৰ লগত আমন্ত্ৰিত কবি-গল্পকাৰ-নাট্যকাৰ সকলে মত বিনিময় কৰে।
আনহাতে বৰ্ষীয়ান ভাস্কর্য শিল্পী গোপাল প্ৰধানক নগাঁও গ্ৰন্থমেলাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত নাট্যকাৰ সপোনটি বৰদলৈয়ে ৰচনা কৰা আৰু ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা ‘বৰ্ণিল সৃষ্টিৰ স্বপ্ন আৰু অন্যান্য ‘ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে নাট্যকাৰ ৰফিকুল হুছেইনে। বিয়লি মুকলি কুইজ আৰু পাইদাস সোঁঁৱৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । সাংস্কৃতিক অনুষ্ঠানত নৰেন পাটগিৰি ৰচিত শিশু-নাট ‘বৰষুণ’ মঞ্চস্থ কৰে নগাঁৱৰ শিল্প কাননৰ শিশু শিল্পী সকলে।













