ASSAM TIMES POST
ডিব্ৰুগড়ঃ নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত আজিও ক্ষোভৰ দাবানল জ্বলি থকাৰ সমান্তৰালকৈ ডিব্ৰুগড়তো এই ক্ষোভৰ অগণি ম্লান হোৱা নাই।আছুৰ উদ্যোগত বিগত তিনিদিন সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিবাদ,বিক্ষোভ,ধৰ্ণাৰে উত্তাল কৰি থকাৰ পিছতো যেন এই নাগৰিকত্ব(সংশোধনী) কলা আইনৰ তীব্ৰ বিৰোধিতা হৈয়ে আছে।মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ো যেন ইয়াৰ ব্যতিক্ৰম নহয়।কেবল প্ৰতিবাদ,বিক্ষোভ,অবস্থান ধৰ্মঘটৰে কপাই তুলিছে মুখ্যমব্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়।
ডিব্ৰুগড়টো আজি উকিল সন্থাই “কা” ৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সমদল চহৰখনৰ মাজেৰে বাহিৰ কৰে।ডিব্ৰুগড়ৰ ফুলবাগান আদালত চৌহদৰ পৰা সকলো কেইবা শতাধিক অধিবক্তাই হাতে হাতে বেনাৰ,প্লে-কাৰ্ড,ফেষ্টুন লৈ -কা প্ৰত্যাহাৰ কৰক,এই আইন আমি নামানো,গনতন্ত্ৰৰ পৰিপন্থী কাৰ্যৰ পৰা বিৰত থাকক,অসম আৰু অসমীয়াৰ ভাষা সংস্কৃতি ৰক্ষা কৰক,জনগনৰ মতক প্ৰাধান্য দিয়ক,অসাংবিধানিক কাৰ্যৰ পৰা বিৰত থাকক, ইত্যাদি শ্লগানেৰে আকাশ বতাহ কঁপাই তোলে।
ন্যায়িক আদালতৰ চৌহদৰ পৰা সমদল বাহিৰ কৰি থানা চাৰিআলি হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।ইতিমধ্যে ডিব্ৰুগড়ৰ উকিল সন্থাই সংশোধনী নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে কেইবালানী আন্দোলন কাৰ্যসূচীত গ্ৰহণ কৰাৰ লগতে সদৌ অসম উকীল সন্থাৰ আহ্বান ক্ৰমে “কা” ৰ বিৰুদ্ধে স্মাৰকপত্ৰও প্ৰেৰণ কৰে।উল্লেখ্য যে,ডিব্ৰুগড়ৰ উকীল সন্থাই বিভিন্ন প্ৰতীবাদী কাৰ্যসূচীৰ লগতে আছুলৈ আন্দোলনৰ সহায় স্বৰূপে পঞ্চাশ হেজাৰ টকা আগবঢ়োৱা লগতে এই আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলকো ব্যক্তিৰ বিনামূলীয়া আইনী সাহাৰ্য আজি ঘোষণা কৰিছে।













