ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আজি বোকাখাত নিনাদিত হ’ল মহিলাৰ ‘কা’-বিৰোধী প্ৰতিবাদেৰে। আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত বোকাখাতৰ চিকন আতা মূল প্ৰৱেশ দ্বাৰৰ সমীপত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কিশোৰী, যুৱতীৰ পৰা আৰম্ভ কৰি প্ৰৌঢ়া, বৃদ্ধালৈ “নাৰী শক্তিৰ অৱস্থান ধৰ্মঘট”ত প্ৰায় এহেজাৰ মহিলাৰ বজ্ৰ নিনাদেৰে কঁপি উঠিল বোকাখাত।

‘জয় আই অসম’, ‘সৰ্বানন্দ মুৰ্দাবাদ’, ‘হিমন্ত বিশ্ব মুৰ্দাবাদ’, ‘কা আমি নামানো’, বাজক ডবা বাজক সংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল’ আদি ধ্বনিৰ লগতে প্ৰতিবাদী গীতেৰে সমূহ মহিলাই উত্তাল কৰি তোলে বোকাখাত। উল্লেখ্য যে বোকাখাতৰ ‘কা’-বিৰোধী আন্দোলন শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক হোৱাৰ মূলতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বোকাখাতৰ সজাগ মহিলা সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা ইতিমধ্যে প্ৰেছ আৰু বৈদ্যুতিন মাধ্যমত বাৰুকৈয়ে চৰ্চিত হৈছে। সেয়েহে বোকাখাতৰ আজিৰ মহিলা সমাজৰ এই সজোৰ প্ৰতিবাদে শাসক মহলৰ ভেঁটি কঁপাই তোলা বুলিলেও কোনোপধ্যে অত্যুক্তি নহয়।
এই প্ৰতিবাদী অনুষ্ঠানত অসমৰ বিশিষ্ট কবি নিজৰা বৰঠাকুৰ, গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি কল্পনা চেতিয়া, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, আপক’ৰ বোকাখাতৰ প্ৰতিস্থাপক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ভবেশ শইকীয়া, জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী চন্দ্ৰপ্ৰভা শইকীয়া, আটছা নেতা সুশীল কালিন্দী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি দীপক হাজৰিকা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক গীতাৰ্থ শইকীয়া,

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি ঠাকুৰীয়া, বোকাখাত জিলা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক নীলোৎপল খাউণ্ড, সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দাদুল বৰা, যুৱ নেত্ৰী লিম্পি বৰ্মন আৰু অৰ্পনা ফুকন আদিয়ে নিজ নিজ প্ৰতিবাদী ভাষণেৰে জাতীয়তাবাদী সজাগতাৰে উদ্বুদ্ধ কৰি তোলে উপস্থিত ৰাইজক। এই প্ৰতিবাদী কাৰ্যসূচীত বোকাখাত মহকুমাৰ বিভিন্ন গাওঁ, অঞ্চলৰ পৰা অহা সমাজৰ সকলো শ্ৰেণীৰ মহিলাই বোকাখাত নগৰৰ মাজ মজিয়া এনেদৰে কঁপাই তোলা সুশৃংখল প্ৰতিবাদী কণ্ঠ চৰকাৰ তথা প্ৰশাসনৰ বাবে এক প্ৰত্যাহ্বান হৈ দেখা দিব বুলি ক’ব পৰা যায়।












