ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হৈ থকা নগাঁও গ্ৰন্থমেলা- ২০১৯ ৰ আজি সপ্তম দিনৰ কাৰ্যসূচীত বিয়লি পৰিৱেশ , শিক্ষা আৰু গৱেষণা সংগঠন ‘আৰণ্যক’ৰ উদ্যোগত ”ব্ৰহ্মপুত্ৰ : অসমৰ সাহিত্য সংস্কৃতি আৰু বিজ্ঞান চৰ্চাত ব্ৰহ্মপুত্ৰৰ গুৰুত্ব” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী আই আই টিৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰৰ ৪ শতাংশ পানীও ৰাইজৰ কামত ব্যৱহাৰ কৰা হোৱা নাই । বতৰ পৰিবৰ্তনৰ ফলত ব্ৰহ্মপুত্ৰৰ ওপৰত কি প্ৰভাব হ’ব সেয়া অধ্যয়ন কৰিব পাৰিলে চিৰদিনলৈ এই নদীখন সুষম ভাবে বোৱাই নিব পৰা যাব । আলোচনা চক্ৰত সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই আন এগৰাকী মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি কয় যে সৰুতে খৰালি আৰু বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ বিচিত্ৰ ৰূপে মোক শিহৰিত কৰিছিল । নমামী ব্ৰহ্মপুত্ৰৰ নামত চৰকাৰে খৰচ কৰা টকাৰে এটা শিবিৰ পতা হ’লে বানৰ সময়ত মানুহক ৰক্ষা কৰিব পৰা গ’লহেঁতেন । ব্ৰহ্মপুত্ৰৰ লগত গঙ্গাৰ চৰিত্ৰ নিমিলে । গতিকে তাত নমামী পাতিলে একো ক্ষতি নহয় ।
আগতে ব্ৰহ্মপুত্ৰ মোৰ বাবে এখন চিৰচৰিত নদী আছিল। বাকী কথা জনা নাছিলো । মাহেকীয়া আলোচনী ‘বিষ্ময় ‘ৰ পাতত মানিক বৰাৰ উপন্যাস- ‘বৈৰাগী বিহংগ’ৰ মাজেৰে মোৰ মানসপটত ব্ৰহ্মপুত্ৰক দেখা পাইছিলো ।ব্ৰহ্মপুত্ৰক বাদ দি কোনো সাহিত্য সৃষ্টি হ’ব নোৱাৰে । কালিকা পুৰাণতেই প্ৰথম ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ আছিল । সাহিত্যিক ভট্টাচাৰ্যই আৰু কয় যে আমি বৃক্ষ ৰোপনত অধিক গুৰুত্ব দিব লাগিব । তেতিয়াহে নৈৰ খহনীয়া ৰোধ হ’ব । ব্ৰহ্মপুত্ৰৰ সভ্যতা অতি প্ৰাচীন ।এই নদীক বাদ দি অসমীয়া মানুহ জীয়াই থাকিব নোৱাৰে।
আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপে কয় যে ব্ৰহ্মপুত্ৰৰ বিষয়ে প্ৰচাৰ আমি নকৰো । আমি ভাবো ব্ৰহ্মপুত্ৰ কেৱল আমাৰ । কিন্তু নদী খনে তেনেকৈ নাভাবে । ব্ৰহ্মপুত্ৰৰ যাত্ৰাপথৰ এটা অংশৰহে আমি অংশীদাৰ । ব্ৰহ্মপুত্ৰৰ বিশেষত্ব এয়ে যে আটাইকেইটা দিশলৈ বৈ যোৱা পৃথিবীৰ একমাত্ৰ নদী । ব্ৰহ্মপুত্ৰ আমাৰ বন্ধুও নহয় শত্ৰুও নহয় । ব্ৰহ্মপুত্ৰৰ আমাৰ ওপৰত অভিভাবকত্ব আছে । তেওঁ আৰু কয় যে, ব্ৰহ্মপুত্ৰ , কাজিৰঙা , এশিঙীয়া গড় , কামাখ্যা মন্দিৰ আৰু চাহ অসমৰ পাঁচটা গৌৰৱ। ব্ৰহ্মপুত্ৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ক এখন গুৰুত্বপূৰ্ণ নদী । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাাক্তন অধ্যাপক প্ৰবীণ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰ খনৰ আঁত ধৰে আৰণ্যকৰ পাৰ্থ দাসে । এই অনুষ্ঠানতে লিখক সুৰেন বৰাৰ গল্প সংকলন ‘মই ভালে আছো ‘ নামৰ গ্ৰন্হখন উন্মোচন কৰে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰাই ।













