![]()
গুৱাহাটীস্থিত অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত শনিবাৰে ডাঃ গায়ত্ৰী গগৈৰ পঞ্চমখন সংকলন গ্ৰন্থ উন্মোচন কৰা হয় । ‘যন্ত্ৰণা জয়ৰ ইতিকথা’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰিছে কৌস্তভ প্ৰকাশনে ।বন্তি প্ৰজ্বলন আৰু প্ৰয়াত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে গ্ৰন্থ উন্মোচনী সভাখন আৰম্ভ হয় ।

আনহাতে, গ্ৰন্থখনৰ লেখিকা ডাঃ গায়ত্ৰী গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰে। প্ৰতিশ্ৰুতিৰ সম্পাদক পান্না ভৰালী আৰু লেখিকা আৰু সমাজকৰ্মী অদিতি বৰুৱাই ডঃ গায়ত্ৰী গগৈৰ জীৱন আৰু সাহিত্য সৃষ্টি সন্দৰ্ভত আলোকপাত কৰে । ডাঃ গগৈয়ে লিখনিৰ জৰিয়তে এক স্বাস্থ্যৱান সমাজৰ গুৰুত্ব আৰু তেওঁ কেনেদৰে কৰ্কট ৰোগীসকলক সেৱা আগবঢ়াইছে তাৰ ওপৰত আলোকপাত কৰে ।আনহাতে, পবিত্ৰ বৰাই এই কথা উল্লেখ কৰে যে কেনেদৰে এগৰাকী ভাল লেখকে আন লেখক অনুপ্ৰাণিত কৰে।
আনহাতে, এএছটিইচিৰ সঞ্চালক ডাঃ জয়দীপ বৰুৱাই স্বাস্থ্য সজাগতা আৰু বৈজ্ঞানিক মনোবৃত্তি গঢ়াৰ ক্ষেত্ৰত ডাঃ গায়ত্ৰী গগৈৰ সৃষ্টিৰাজিৰ ওপৰত ব্যাখ্যা আগবঢ়ায় । সভাখনৰ মুখ্য অতিথি তথা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল লাটাকিয়াই ‘গ্ৰন্থই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰে’ বিষয়বস্তুৰ ওপৰত নিজৰ বক্তৃতা প্ৰদান কৰে ।
অসম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৰাইজৰ সেৱাত নিয়োজিত চিকিৎসকসকলে তেওঁলোকৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত সুন্দৰভাৱে কয় ।
আনহাতে, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে ডাঃ গায়ত্ৰী গগৈৰ লেখনিৰ বিশেষত্বৰ বিষয়ে উল্লেখ কৰে ।
নিউৰ’ছাৰ্জন তথা ডাঃ গগৈৰ সহপাঠী ডাঃ নীতু কুমাৰ দাসেও অনুষ্ঠানত বক্তব্য ৰাখে । ইয়াৰ উপৰি কবি নীলিম কুমাৰৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । আনহাতে, ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাৰ সভাপতি ডাঃ অৰুণিমা গোস্বামীয়ে ডাঃ গায়ত্ৰী গগৈৰ এগৰাকী চিকিৎসক, লেখক আৰু সমাজকৰ্মী হিচাপে তেওঁৰ অৱদানৰ বিষয়ে কয় । শেষত গুৱাহাটীৰ পেইন এণ্ড পেলিয়েটিভ কেয়াৰৰ প্ৰতিষ্ঠাপক ডাঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে ডাঃ গায়ত্ৰী গগৈৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে ।













