![]()
পথ সুৰক্ষা ব্যৱস্থা আৰু পথ দুৰ্ঘটনা নুন্যতম কৰাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিবহণ বিভাগে ৰাজ্যৰ ১২খন সংবেদনশীল জিলাত বিশেষকৈ দুৰ্গোৎসৱৰ সময়ত প্ৰচাৰ বাহন (ডিছপ্লে ভ্যান) প্ৰৱৰ্তন কৰে। তেনে এখন প্ৰচাৰ বাহন (ডিছপ্লে ভ্যান) আজি নগাঁৱত উপস্থিত হৈ বিভিন্ন পূজা মণ্ডপ এলেকাত দায়িত্বশীল আৰু নিৰাপদ গাড়ী চলোৱাৰ বাৰ্তা প্ৰদৰ্শন কৰে।

নগাঁও জিলা পৰিবহণ কাৰ্যালয়ৰ যান বাহন পৰিদৰ্শক বিশাল দেবনাথে জানিবলৈ দিয়া মতে আজি প্ৰথম দিনটোত বাহনখনে জিলাখনৰ প্ৰায় ১০টা স্থান ভ্ৰমণ কৰে। আনহাতে বাহনখনে ৭ দিনৰ বাবে সমগ্ৰ জিলাখনত পথ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰিব বুলিও দেৱনাথে জানিবলৈ দিয়ে । প্ৰচাৰ বাহনখনে পথ সুৰক্ষা সম্পৰ্কীয় ভালমান বাৰ্তা প্ৰচাৰ কৰে।
এই বাৰ্তা সমূহৰ ভিতৰত মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে বাৰ্তা, ছিটবেল্ট আৰু হেলমেট পিন্ধা আদি বাৰ্তা অন্যতম। এনেধৰনৰ প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ সজাগ হোৱাৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস পোৱাত সহায়ক হব বুলি বিভাগটোৱে আশা প্ৰকাশ কৰে ।













