ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, বিজেপি নেতা জয়ন্ত নাথ(৫৭)ৰ আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । বৃক্কৰ জটিল ৰোগত আক্ৰান্ত নাথে সুদীৰ্ঘ দিন ধৰি চিকিৎসা গ্ৰহণ কৰি আহিছিল । আজি পুৱা হঠাৎ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নি ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত আজি বিয়লি প্ৰায় তিনি বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য, নগাঁও জিলাত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত জয়ন্ত নাথে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ ২০১৩ বৰ্ষৰ পৰা ২০১৬ বৰ্ষলৈকে নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল।
আনহাতে,২০১৬ বৰ্ষৰ পৰা ২০১৯ বৰ্ষৰ অক্টোবৰ পৰ্যন্ত নগাঁও জিলা বিজেপিৰ সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগতো জড়িত আছিল। আনহাতে ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ন্ত নাথে প্ৰতিদ্বন্দিতাত নামি পৰাজয় বৰণ কৰিছিল ।
বিজেপি নেতা জয়ন্ত নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰত শোকৰ ছাঁ পৰে।তেওঁৰ নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱৰ বাসভৱনত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়।নাথৰ বিয়োগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, অগপৰ ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সম্পাদক সুজিত দাস, নগাঁও সদৰ মণ্ডল বিজেপিৰ সভাপতি বিজয় গুপ্তা আদিয়ে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা , এটি পুত্ৰ সহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।













