ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুৱালিৰ সৌজন্যময়ী ভট্টাচাৰ্য ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা নগাঁও গ্ৰন্থমেলাৰ আজিৰ কাৰ্যসূচীত পুৱা অনুষ্ঠিত মাধৱানন্দ মহন্ত শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান “শিশুৰ দিন”ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক শিশুৰ মুখৰ সাধু, কবিতাই গ্ৰন্থ অনুৰাগী ৰাইজক মুগ্ধ কৰে। কোনো এটি শিশুৱে যদি বুঢ়ী আইৰ সাধু কৈছে আন কোনোবাই আকৌ ৰজা-ৰাণীৰ সাধু কয়।
তাৰোপৰি আপোন কবি জনৰ কবিতা আবৃত্তি কৰি আত্মহাৰা হৈ পৰে শিশু সকল। অনুষ্ঠানটি পৰিচালনা কৰে সমাজকৰ্মী মুকুট ভূঞাই।অনুষ্ঠানত নাট্যকৰ্মী সপোনটি বৰদলৈ আৰু বিশ্বজিৎ হাজৰিকা উপস্থিত থাকে। ইপিনে, নগাঁও গ্ৰন্থমেলাৰ কাৰ্যসূচী কাইলৈকে বৃদ্ধি কৰা হৈছে বুলি নগাঁও গ্ৰন্থমেলাৰ সম্পাদক শিৱানন্দ কাকতিয়ে এক বিবৃতি যোগে জনায়।বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি, নগাঁও গ্ৰন্থমেলাৰ অন্তিম দিনৰ অনুষ্ঠান “লেখক সমাৱেশ: প্ৰেৰণা আৰু সৃষ্টি” কাইলৈ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব।
এই অনুষ্ঠানত লেখক-সাংবাদিক জিতুমণি বৰা, যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতম, মৃদুলা শৰ্মা, সুৰেন বৰা, মিনাৰা হুছেইন, ডঃ আৰাধনা বৰুৱা, জ্যোতিকা শৰ্মা, জোনাক কৃশ্ শাণ্ডিল্য আদি উপস্থিত থাকিব ।













