ASSAM TIMES POST
নিউজ ডেস্ক
নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে অলপতে সৰৱ হৈছিল মাদ্ৰাজ আই আই টিৰ ছাত্ৰ-ছাত্ৰী৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল জাৰ্মান ছাত্ৰ জেকব লিণ্ডলথালে৷
ছাত্ৰজনক আই আই টিল চৌহদ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে চেন্নাইৰ ফৰেৰ্ণাছ ৰিজিউনেল ৰেজিষ্ট্ৰেচন কাৰ্যালয়ে৷ ছাত্ৰজনৰ বিপক্ষে অভিযোগ ‘কা’ আৰু এন আৰ চিৰ বিৰুদ্ধে হোৱা বিক্ষোভত তেওঁক দেখা পোৱাত চৰকাৰৰ কুপ দৃষ্টি পৰে৷
এই বিষয়ে ছাত্ৰজনে ভিছা আইন উলংঘা কৰিছে বুলি ফৰেৰ্ণাছ ৰিজিউনেল ৰেজিষ্ট্ৰেচন কাৰ্যালয়ে উল্লেখ কৰিছে৷ লগতে ছাত্ৰজনক দেশ এৰিবলৈ কোৱা হৈছে৷ ইয়াকে লৈ ছাত্ৰজনৰ সমৰ্থনত মাদ্ৰাজ আই আই টিৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ খুলিছে৷ আনহাতে কংগ্ৰেছৰ সাংসদ শশী তাৰুকে প্ৰতিবাদ কৰিছে৷













