
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান৷ এনে অভিযানত আৰক্ষীয়ে লাভ কৰিছে ইটোৰ পিছত সিটো সফলতা ৷ তথাপি আৰক্ষীৰ চকুত ধুলি দি সৰবৰাহকাৰীয়ে অবৈধ ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ ড্ৰাগছ সৰবৰাহৰ ততপৰতা অব্যাহত আছে ৷

প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে পুৱা প্ৰায় ১২ মান বজাত আৰক্ষীৰ চক্ৰ বিষয়া উৎপল শৰ্মাৰ নেতৃত্বত আৰু খটখটী থানাৰ (Khatkhati Police Station) অ’চি ৰমেন বৰদলৈ, এএছআই ভূৱন চন্দ্ৰ বণিক লগতে থানা ষ্টাফৰ সহযোগত খটখটী এছবিআই বেংকৰ ওচৰৰ ৩৯নং ৰাষ্টীয় ঘাই পথত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত উদ্ধাৰ কৰা হয় সন্দেহযুক্ত হেৰ’ইনখিনি ৷ ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী AS-01-GC-5671 নম্বৰৰ এখন আল্ট্ৰাবাছত তালাচী চলাওতে এটা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে দুটা চাবোনৰ বাকচত কঢ়িয়াই অনা ৩২’২৩০ গ্ৰাম সন্দেহযুক্ত হেৰইনখিনি উদ্ধাৰ (32.230 grams Suspected heroin recovered) কৰিবলৈ সক্ষম হয় ৷

এই সন্দৰ্ভত আৰক্ষীয়ে নগাওঁ জিলাৰ চামগুৰিৰ থানাৰ অন্তৰ্গত বাজিয়া গাঁৱৰ মগবুল হুছেইনৰ পুত্ৰ গুলজাৰ হুছেইন (৩৩) আটক (Gulzar Hussain (33) arrested) কৰিছে৷ উদ্ধাৰ হোৱা হেৰইনখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি এনডিপিছ এক্টত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷












